শিলচৰত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজে জ্বলালে ট্ৰাক…

শিলচৰত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজে জ্বলালে ট্ৰাক…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত উত্তপ্ত পৰিস্হিতি ৷ এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা। উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা এখন ট্ৰাক৷ ট্ৰাকখনৰ নম্বৰ এন এল -০১কে- ৯৭৪১। কেইবাজনো পথচাৰীক খুণ্ডিয়াই পলায়ন কৰিব বিচাৰিছিল ট্ৰাকখনে ৷

মেহেৰপুৰত সংঘটিত হয়এই ঘটনা ৷ ঘটনাস্হলীত উপস্হিত হোৱা আৰক্ষীলৈ শিলাবৰ্ষণ উত্তেজিত লোকৰ ৷ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনতো আক্ৰমণ কৰে স্থানীয় লোকে ৷ দুৰ্ঘটনাত কেবাজনো লোক হতাহত হোৱাৰ আংশকা ৷ আহত সকলক এছএমচি হাস্পতালত ভৰ্তি কৰা হৈছে ৷ ন' এন্ট্ৰিৰ সময়ত কেনেকৈ ট্ৰাক খন সোমাল তাক লৈ আৰক্ষীৰ বিৰুদ্ধে সৰৱ জনতা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in