চিআইডিৰ অভিযান অব্যাহত, ঘৰ এৰি পলাল প্ৰাক্তন ডিআইজি প্ৰশান্ত দত্ত

চিআইডিৰ অভিযান অব্যাহত, ঘৰ এৰি পলাল প্ৰাক্তন ডিআইজি প্ৰশান্ত দত্ত

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰা প্ৰশান্ত কুমাৰ দত্তৰ বাসগৃহত আৰক্ষীয়ে বুধবাৰৰ নিশা প্ৰায় ৯ বজাত অভিযান চলায়। অৱসৰপ্ৰাপ্ত আৰক্ষী উপ মহাপৰিদৰ্শক গৰাকীৰ নেতৃত্বতে এছ আই পদত নিযুক্তিৰ বাবে ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আৰক্ষীয়ে এই অভিযান চলালে তেওঁৰ বাসগৃহত।

উল্লেখযোগ্য যে , আৰক্ষীত থাকোতেও বহু বিতৰ্কিৰ মাজত সোমাই পৰা এই আৰক্ষী প্ৰাক্তন বিষয়াগৰাকীক এতিয়াও অভিযানকাৰী চিআইডি দলে সন্ধান লাভ কৰা নাই। হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা পি কে দত্তৰ বিশাল অট্টালিকাত অভিযানকাৰী চিআইডি দলে বাতৰি লিখা পৰ্যন্ত অভিযান অব্যাহত ৰাখিছে।

প্ৰায় ৫০ জনীয়া এটা দলে অভিযান চলোৱা সময়ত বাসগৃহত উপস্থিত নাছিল আৰক্ষীৰ প্ৰাক্তন বিষয়াগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোক।স্থানীয় লোকে জানিব দিয়া মতে, মঙলবাৰৰ লৈকে ঘৰতে আছিল তেওঁলোক। মাতৃক আদ্যশ্ৰাদ্ধও অনুষ্ঠিত কৰিছিল মঙলবাৰে পি কে দত্তই।

এছ আই পৰীক্ষাৰ এই কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছিল পি কে দত্তৰ। বিজেপি নেতা দিৱন ডেকাই পি কে দত্তৰ জৰিয়তে এই কেলেংকাৰী সংঘটিত হোৱা বুলি চিআইডিৰ আগত স্বীকাৰোক্তি জানিবলৈ দিয়া বুলি জানিব পৰা গৈছে।

ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা এই কেলেংকাৰীয়ে ৰাজ্য জোঁকাৰি যোৱাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কঠোৰ হ'বলা বাধ্য হৈছিল। সমান্তৰালভাৱে এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দিৱন ডেকাক হত্যাৰ ভাবুকি দিয়া অভিযোগো উত্থাপন হৈছিল।

অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত কাৰ্য নিৰ্বাহ কৰা প্ৰশান্ত কুমাৰৰ বাসগৃহৰ উপৰিও তেওঁৰ তিনিখন হোটেলত আৰক্ষীয়ে বুধবাৰৰ দিনা অভিযান চলায়। সেই অভিযানৰসময়ত তেওঁৰ এখন হোটেলৰ পৰা এজন কৰ্মচাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই। ইফালে, বুধবাৰে চিআইডিৰ অভিযানৰ পূৰ্বে প্ৰাক্তন আৰক্ষী বিষয়াজন আৰু তেওঁৰ পৰিয়ালক লৈ সেই বাসগৃহৰ পৰা পলায়ন কৰা ঘটনাই ৰহস্য ঘনিভূত কৰিছে।

চিআইডি অভিযানকাৰী দলে নিশা ১২.৩০ বজা পৰ্যন্ত তেওঁৰ ঘৰৰ প্ৰতিটো কোঠাতে অভিযান অভ্যাহত ৰাখিছে যদিও, এই পৰ্যন্ত লৈকে তেওঁৰ ঘৰৰ পৰা বিশেষ কোনো সন্দেহজনক তথ্য সংগ্ৰহ কৰিব পৰা নাই। সন্দেহ কৰা মতে, আৰক্ষী বিষয়াগৰাকীয়ে সমস্ত তথ্য লগত লৈ বা নষ্ট কৰি পলায়ন কৰাৰ সন্দেহ কৰিছে অভিযানকাৰী দলৰ এক সূত্ৰই।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সাংবাদিকে প্ৰশান্ত দত্তৰ বাসগৃহত তালাচী চলোৱা সন্দৰ্ভত আৰক্ষী উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰাত আৰক্ষী উচ্চপদস্থ বিষয়াই এই সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।

কেৱল কয় যে, তথ্যৰ আধাৰতহে এই অভিযান চলোৱা হৈছে। দিৱন ডেকাৰ ভাষ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছে নেকি সোধাত এই বিষয়টো এৰাই চলে। অৱশ্যে কয়- এই কেলেংকাৰীৰ সৈতে যিমান ক্ষমতাশালী লোকেই নহওঁক কিয় আৰক্ষী বদ্ধপৰিকৰ।

ক'ত থাকিব পাৰে প্ৰশান্ত কুমাৰ দত্ত? সই সন্দৰ্ভত সোধা আন এক প্ৰশ্নত আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই জনায় যে, আৰক্ষীয়ে তদন্ত খাতিৰত এই সন্দৰ্ভত মন্তব্য নিদিলেও তেওঁ যে সাৰি যাব নোৱাৰে সেয়া নিশ্চিত। আনহাতে, এই অভিযান পুৱতি নিশা পৰ্যন্ত চলাৰ সম্ভাৱনা আছে।

আৰক্ষীয়ে তেওঁৰ বাসগৃহলৈ যোৱা পথতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সেই পথেৰে কোনো লোকক প্ৰৱেশ বন্ধ কৰি দিছে যদিও, অসমীয়া প্ৰতিদনৰ ডিজিটেল সংস্কৰণে তেওঁৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলোৱা কিছু দৃশ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

নিশা প্ৰায় ১২ বজাত এখন গাড়ীৰে নিয়া হৈছে কিছু আহাৰৰ টোপোলা। জানিব পৰা মতে, এই অভিযান দীঘলীয়া হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্যৰাখি অভিযান চলোৱা দলৰ বাবে এই আহাৰৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষী সূত্ৰই লগতে এই কথাও জানিব দিয়ে যে, অৱসৰ প্ৰাপ্ত এই উচ্চপদস্থ বিষয়াই নহয়, প্ৰয়োজনত ইয়াৰ সৈতে জড়িত যিকোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোক প্ৰস্তুত আছে।

এপিএছচি কেলেংকাৰীৰ পাছত অসম আৰক্ষীৰ এছ আই পদৰ বাবে এই লিখিত পৰীক্ষাই সৰ্বত্ৰে জোকাৰণিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰ মতে, এনে ঘটনাই ৰাজ্য চৰকাৰৰ স্বচ্ছতাৰ প্ৰতিয়ে তুমুল প্ৰশ্ন উত্থাপন কৰাত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে।

এইখিনিতে মন কৰিব লগা যে, অসম আৰক্ষীৰ এই লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু চাকৰি দিয়া এক বৃহৎ চক্ৰই দীৰ্ঘদীনৰ পৰা পৰা এনে কাৰ্যৰ পৰিকল্পনা কৰিছিল। গুৱাহাটীৰ থেংকইউ লজত ৫০ জনৰো অধিকা পৰীক্ষাৰ্থীয়ে কি ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব তাৰো এক মৰ্ক টেষ্ট অনুষ্টিত হৈছিল ১৯ ছেপ্টেম্বৰত।

সেই পৰীক্ষাত ধন দিয়া অৰ্ধশতাধিক চাকৰি প্ৰত্যাশী প্ৰাৰ্থীক সাম্ভাৱ্য প্ৰশ্ন বুলি ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত যোগান ধৰা হৈছিল। পি কে দত্তৰ বাসগৃহত অভিযান আৰু তেওঁৰ তিনিখন হোটেলত আৰক্ষীয়ে চলোৱা এনে অভিযানৰ অন্তত আৰক্ষীয়ে কি তথ্য সংগ্ৰহ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

ইফালে, অসম আৰক্ষীয়ে এক উচ্চস্তৰীয় দলে প্ৰশান্ত দত্তক যিকোনো প্ৰকাৰে ৰক্ষণা বেক্ষণ দিবলৈ তৎপৰতা আৰম্ভ হৈছে। এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে- চিআইডি অভিযানৰ পূৰ্বে তেওঁৰ বাসগৃহত এনে অভিযান চলিব বুলি প্ৰশান্ত দত্তই কেনেকৈ গম পালে?

দুৰ্নীতিত লিপ্ত হৈ এই বিষয়াজনৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ উত্থাপন হৈ আহিছিল। কিন্তু ধন আৰু ক্ষমতাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰা নাছিল কোনোৱে। স্থানীয় লোকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাজনো লোকে জনালে যে, প্ৰশান্ত দত্ত নামৰ এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযান চলোৱাত তেওঁলোক আঁচৰিত হোৱা নাই।

এই অভিযানৰ অন্তত অসম আৰক্ষীৰ এছ আই পদত নিযুক্তিৰ নামত সংঘটিত কেলেংকাৰীৰে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয়- হঠাৎ ক'ত পলাই গ'ল প্রশান্ত দত্ত? যদি কোনো ভুলে নাই তেনেহ'লে আগদিনালৈকে মাতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি পিছদিনা কিয় হঠাৎ ঘৰ এৰিলে বিতৰ্কিত এই আৰক্ষী অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।

উল্লেখযোগ্য যে, এইগৰাকী আৰক্ষী অৱসৰপ্ৰাপ্ত বিষয়াৰ গুৱাহাটীত ৫খন হোটেল আৰু কাছাৰত আছে এখন বৃহৎ চাহ বাগিচা। ক'ৰ পৰা তেওঁ ইমান বৃহৎ সম্পত্তিৰ গৰাকী সৈতে সেয়া ৰাইজৰ সন্দেহৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in