চকু টিপৰ ৰাণী প্ৰিয়া হ’ব শ্ৰীদেৱী, চাওঁক VIDEO…

চকু টিপৰ ৰাণী প্ৰিয়া হ’ব শ্ৰীদেৱী, চাওঁক VIDEO…

ডিজিটেল ডেস্কঃ চকুৰ টিপেৰে এৰাতিতে কোটি কোটি হৃদয়ত ঠাই লোৱা দক্ষিণৰ মোহময়ী অভিনেত্ৰী প্ৰিয়া প্ৰকাশক হয়তো সকলোৱে মনত ৰাখিছে। এখন ছবিৰ এটা সৰু ভিডিঅ' ক্লীপ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পাছতে প্ৰিয়া হৈ পৰিছিল চেলিব্ৰেটী। প্ৰিয়া প্ৰকাশে এতিয়া খোজ পেলাব বলিউদত।

বলিউদৰ মোহময়ী প্ৰয়াত অভিনেত্ৰী শ্ৰী দেৱীৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা এখন ছবিত মুখ্য চৰিত্ৰত দেখা যাব প্ৰিয়াক। ছবিখনৰ নাম 'শ্ৰীদেৱী বেঙ্গলৌ'। ছবিখন পৰিচালনা কৰিব দক্ষিণৰ বিখ্যাত পৰিচালক প্ৰশান্ত মাম্বুলীয়ে। ইতিমধ্যে ছবিখনৰ কিছু দৃশ্যাংশৰ শ্বুটিং সমাপ্ত হৈছে।

ভাৰতৰ লগতে লণ্ডনতো শ্বুটিং কৰা হৈছে ছবিখনৰ। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰো মুকলি কৰা হৈছে। উল্লেখ্য যে, ২০১৮ চনত প্ৰিয়া প্ৰকাশৰ এখন মলয়ালম ছবিৰ জৰিয়তে সমগ্ৰ দেশত এখন চিনাকি মুখ হৈ পৰিছিল। শ্ৰীদেৱী বেঙ্গলৌ ছবিখনৰ মুকলো হোৱা ট্ৰেইলাৰটো-

https://youtu.be/5OC5vh1ioks

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in