দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ…

দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ…

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশিত হৈছিল এক খবৰ। ঠিকাদাৰক ঠিকা আৱন্টন দিয়াৰ নামত ধন লৈছিল এজন বিজেপিৰ কৰ্মীয়ে। লখিমপুৰ জিলাৰ সেই বিজেপি কৰ্মীজনৰ বিৰুদ্ধে এই অভিযোগ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে প্ৰথমে পোহৰলৈ আনিছিল। এই সন্দৰ্ভত দুৰ্লভ নাথ নামৰ বিজেপি কৰ্মীজনক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে ৰাজ্যিক বিজেপিয়ে।

১০ জুন, ২০২০ৰ ভিতৰত দুৰ্লভ নাথে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ লিখিত উত্তৰ দিব লাগিব ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ হাতত। কি কাৰণত তেওঁৰ বিৰুদ্ধে দলীয় ব্যৱস্থা গ্ৰহণ কৰা নহ'ব সেই কথাও জনাব লাগিব লিখিতভাৱে।

বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে প্ৰেৰণ কৰিছে তেওঁলৈ কাৰণ দৰ্শোৱা জাননী। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত এই সন্দৰ্ভত প্ৰকাশ পোৱা বাতৰিটো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in