১৫ আগষ্টত লালকিল্লাত শেন দৃষ্টি চিলাপথাৰৰ শোভাৰ

১৫ আগষ্টত লালকিল্লাত শেন দৃষ্টি চিলাপথাৰৰ শোভাৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ এইবাৰৰ ১৫ আগষ্টত লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুৰক্ষা প্ৰদানৰ দায়িত্ব লাভ কৰিছে অসমীয়া যুৱতীৰে গঠিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলে। দেশৰ ৰাজধানী নতুন দিল্লীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবৰ ৩৬ গৰাকী মহিলা কামাণ্ডোক লৈ গঠিত হৈছে এই বিশেষ দলটো।

SWAT (Special Weapons And Tactics) নামৰ এই বিশেষ দলটোত স্থান লাভ কৰিছে ১৩ গৰাকীকৈ সাহসী অসমীয়া নাৰীয়ে। এই ১৩ গৰাকী বীৰাংগনাৰ মাজৰ এগৰাকী ধেমাজি জিলাৰ চিলাপথাৰত ডিমৌ শান্তিপুৰৰ শোভা ভাণ্ডাৰী।

সৰুৰে পৰা খেলা-ধূলাৰ প্ৰতি আগ্ৰহী শোভা আছিল অত্যন্ত সাহসী। ছোৱালী হোৱা বাবেই ইমান সাহসী নহ'বলৈ ওচৰ-চুবুৰীয়াসকলে সকীয়নি দি আহিছিল যদিও তালৈ কোনো ভ্ৰূক্ষেপ কৰা নাছিল শোভাই। বিপৰীতে যিমানেই ডাঙৰ হৈ আহিছিল সিমানেই অধিক দৃঢ়মনা হৈ পৰা চিলাপথাৰৰ এইগৰাকী কন্যাই ঠিক কৰি লৈছিল জীৱনৰ লক্ষ্যপথ।

অৱশেষত লক্ষ্যপথত উপনীত হৈছিল সাহসী ছোৱালীজনী। অসম এৰি দিল্লী পাইছিল শোভা। দিল্লী আৰক্ষীত যোগ দি বিশেষ প্ৰদৰ্শন দাঙি ধৰা অসমৰ এইগৰাকী কন্যাই আন ১২ গৰাকী অসমীয়া ছোৱালীৰ সৈতে স্থান লাভ কৰে দেশৰ প্ৰথমটো মহিলা SWAT (Special Weapons And Tactics) দলত।

উল্লেখ্য যে যিকোনো ভয়ংকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিব পৰা, ওখ অট্টালিকা বগাব পৰা, বৃহৎ অৰণ্যত অভিযান চলাব পৰা, চলন্ত গাড়ীৰ পৰা জপিওৱাৰ দৰে দুৰ্দান্ত প্ৰশিক্ষণপ্ৰাপ্ত এনে সুৰক্ষা দল পশ্চিমীয়া দেশসমূহতহে আছিল। এতিয়া এনে কাম কৰি দেখুৱাবলৈ আগবাঢ়িছে শোভাসহ ১৩ গৰাকী অসম কন্যাই।

গোৰ্খা জনগোষ্ঠীৰ ছবিলাল ভাণ্ডাৰী আৰু গংগামায় ভাণ্ডাৰীৰ কন্যা শোভাৰ এই সাফল্যত উসাহী হৈ পৰিছে চিলাপথাৰবাসী। অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ লগতে অসম গোৰ্খা সমাজে শোভাক শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ গোৰ্খা যুৱতীসকলৰ বাবে শোভা এক আদৰ্শ বুলিও মন্তব্য কৰিছে গোৰ্খা সমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in