পূৰ্ণগ্ৰাস…

পূৰ্ণগ্ৰাস…

              
   
● কল্পনা শৰ্মা

'সাহিত্য সন্ধান' চুটি গল্প- ৪৪

নিজকে অপৰাধী অপৰাধী ভাৱ এটা মনত লৈ মোহনে বৰুৱা ঠিকাদাৰৰ ঘৰলৈ খোজ ল'লে।আজি প্ৰায় এপষেকৰ বেছিদিন সি ঘৰৰ বাজ হ'ব পৰা নাছিল।আচলতে তেনে অৱস্থাও নাছিল তাৰ।

সিটো চুবুৰীৰ গজেন মাষ্টৰৰ ঘৰত কাম কৰিবৰ দিনা পুৱাৰে পৰা তাৰ গাটোত কিবা গোমোঠা ভাৱ এটা লাগি আছিল,কপালেখনে কুম দুটায়ে অলপ অলপ টনটনাই আছিল।তথাপি সি ওলাই গৈছিল পেটৰ দায়ত।এতিয়াযে কেৱল সি নিজৰ পেটটোৰ কথা ভাবিলে নহয়,কমলীও তাৰ দেহৰ এফাল।মাষ্টৰৰ ঘৰত কাম শেষ কৰি আহিয়ে জ্বৰ উঠি প্ৰায় সপ্তাহদিনলৈ বিছনা লৈছিল সি।

কমলী তাৰ খেৰী ঘৰলৈ অহাৰ আগতে টিন লগোৱা ঘৰত থাকি অহা ছোৱালী।বাপেকটোৰ টাউনৰ কলেজৰ পিয়নৰ হ'লেও চৰকাৰী চাকৰি। ঘৰত খোৱা পিন্ধাৰ অভাৱ নাছিল যদিও মাহী মাকজনীয়েহে তাইক বৰকৈ একো সুবিধা নিদিছিল। নিজৰ ভাগৰ পাতলি ছিগিব খোজা পুৰণি মেখেলা চাদৰবোৰ আৰু নিজৰ পেটৰ ল'ৰাটোৰ খাইৰোৱা বা নোখোৱা বস্তুহে মাহীমাকে কমলীলৈ সাঁচে।তথাপি বাহি কৰ্কৰা খায়ো তাইৰ ঔফুলীয়া গাল দুখনত বৰকৈ হাঁহিলে তেজগোৰা ৰঙে খেলি যাব খোজে।তেনেহেন ছোৱালীজনীক সিনো কোন সতে লঘোনে ৰাখিব পাৰে।

মাক নোহোৱা,মাহী মাকৰ হাতত ডাঙৰ হোৱা ছোৱালীজনীয়ে নিজ ইচ্ছাই তালৈ চাপি আহি তাৰ দায়িত্ব বঢ়াইছিল। অৱশ্যে সিও ভালেই পাইছিল তাই অহাৰ বাবে।বাপেক ঢুকোৱাৰ পিছৰ পৰা আন কেও কিছু নোহোৱা মোহনৰো সংসাৰ হৈছিল…আপোন বুলিবলৈ,মনৰ সুখ দুখৰ কথা ক'বলৈ তাৰো লগ এটা হৈছিল। তাৰ বেমাৰৰ কেইদিন কম যতন লৈছিলনে তাই। মিঠাতেল তপতাই হাত ভৰি মালিচ কৰা,ঔষধ খোৱাৰ পিছত ঘামি জ্বৰ এৰিলে গৰম পানীত গামোচা তিয়াই তাৰ গা মোহাৰি দিয়া কমলীক দেখি তাৰ তেতিয়া সৰুতে দেখা ছঁয়াময়াকৈ মনত থকা মাকলৈ মনত পৰিছিল।তাই কোনোবা দিনা যদি টেঙাৰে,কোনোবাদিনা জালুকীয়াৰে তাৰ জ্বৰত তিতা হৈ পৰা জিভাখনক জুতি লগোৱাৰ চেষ্টা কৰিছিল।

তাইৰ যত্নতেই সি অলপ সুস্থ অনু্ভৱ কৰা যেন হওতেই এইবাৰ কমলী জ্বৰত পৰিল।তাইৰ জ্বৰটো আকৌ তাৰটোৰ দৰে এলাপেচা নহয়।হাত-ভৰি,মুৰৰ অত্যন্ত বিষৰ লগতে বতাহত কলপাত কঁপাদি কঁপে তাই।তালৈ অনা ঔষধে তাইৰ জ্বৰক তিনি চাৰিদিনতো টলাব নোৱাৰাত সি তাইক টাউনৰ ডাক্টৰক দেখুৱাবলৈ নিছিল। ডাক্টৰে তাইৰ হোৱা জ্বৰটোৰ নাম মেলেৰিয়া বুলি কৈছে তাক।চেলাইন,ঔষধৰ লগতে আৰাম আৰু ভালৰো ভাল পথ্য খাদ্য পালেহে হেনো তাই ভাল হ'ব সোনকালে।সেইকাৰণেই সি বৰুৱা ঠিকাদাৰৰ ঘৰৰ পৰা দুদিন দুবাৰকৈ মতোৱাৰ পিছতো যাব পৰা নাছিল কমলীক অকলে এৰি।অৱশ্যে সিও তেওঁলোকক তাৰ বিপদৰ খবৰ জনাইছিল আৰ-তাৰ হতুৱাই।

মোহনৰ বাপেক ঠিকাদাৰৰ ঘৰৰ স্থায়ী লগুৱা আছিল।সিও সৰুৰে পৰা ঠিকাদাৰৰ ঘৰত বহু কামেই কৰিলে আজিলৈ।তাৰ পৰিপাটি কামৰ বাবে ঠিকাদাৰে প্ৰায়েই বখানিছিল তাক। সি হাজিৰা কৰিবলৈ আহিলে ঘৰৰ বাৰীত কৰিবলৈ দিয়া কাম শেষ হ'লেই আবেলি ঠিকাদাৰৰ বৰ পুতেকৰ গেলামালৰ দোকানতো মিনি ট্ৰাকত অহা দোকানৰ মালৰ বস্তা নমোৱাই চিজিল লগোৱা কামত লগাইছিল তাক।তাৰ বিনিময়ত অৱশ্যে হাজিৰাৰ পইচাৰ লগতে কেতিয়াবা দুসেৰ চাউল নহ'লে আধাসেৰ মচুৰ দাইল নহ'লে বিস্কুট এপেকেটকে দিছিল তাক।এবাৰটো মেগীও দুপেকেট দিছিল।তেতিয়ালৈ তেনেকুৱা কিবা খোৱা বস্তু থকা বুলি সি জনাই নাছিল।মেগীৰ গোন্ধটো মনত পৰি তাৰ জিভাখন ৰসাল হৈ উঠে মোহনৰ। সেইঘৰ মানুহেনো তাৰ বিপদৰ কথা নুবুজিবনে,বুজিব… নিশ্চয় বুজিব।

ঠিকাদাৰৰ পদুলিৰ ডাঙৰ লোহাৰ গে'টখন ঠেলি সি চুচুক চামাককৈ ভিতৰ সোমাল।যোৱাবছৰ মাজুটো পুতেকৰ বিয়াৰ আগে আগে ঠিকাদাৰে ঘৰৰ চৌহদৰ চাৰিসীমাত তিনিফুটৰ পকী বেৰ দিয়াই তাৰ ওপৰত ফলা বাঁহৰ দৰেই কিন্তু টান চেপেতা লোহাৰ খুটা দি তাঁৰৰ ফেঞ্চিং দিয়াইছিল,লগতে এই ডাঙৰ গে'টখনো।সেইদিনা ঠিকাদাৰৰ ঘৰৰ আগচোতালৰ ফুলনিত ঘাঁহ বন নিৰাই থকা মোহনৰ মনটো অলপ বেয়া নলগাকৈ থকা নাছিল……এতিয়াযে আৰু বাঁহৰ জেওৰা জপনা দিবলৈ বছৰেকত তাৰ দৰকাৰ নহ'ব তেওঁলোকৰ ঘৰত।

তেওঁলোকৰ ঘৰৰ খেতিৰ কামো ঠিকালৈ দিয়া বুলি শুনিছে সি সিখন গাঁৱৰ কোনোবাক।আগতে বছৰৰ অধিক দিনেই কাম কৰা ঘৰখনত তাৰ প্ৰয়োজন লাহে লাহে নোহোৱা হ'ব বুলি জানি উঠিছে সি।তাক মাত্ৰ আগফালৰ ফুলনিত, বতৰৰ পাচলি কৰা বাৰীখনত আৰু ঘৰৰ আগফাল পিছফালে ঘাঁহ-বন নিৰাবলৈহে মাতিছে দুদিনলৈ।

কিন্তু আজি সি কাম কৰাটো বৰুৱা ঠিকাদাৰতকৈ তাৰ বাবে বেছি জৰুৰি।নহ'লেযে কমলীক ভাল পথ্য কিনি খুৱাবলৈ এতিয়া তাৰ হাত তেনেই উদং।মোহনক দেখিয়েই বাৰান্দাৰ আৰামী চকীত বহি জলপান খাই থকা ঠিকাদাৰে মুখত অলপ কঠোৰতা ফুটাই তুলিবলৈ যত্ন কৰে।
: "কামলৈ মাতিছিল যে খুৰাদৌ,কি কাম আছিলনো?" হাতৰ কাপোৰৰ মোনাখন মাটিতে থৈ মুৰটো খজুৱাই সেমেনা সেমেনিকৈ সোধে মোহনে।

:থকাততো আছিলেই, কিন্তু তহঁতবোৰক বেছি খাতিৰ কৰিলে গপচটো বাঢ়ে নহয়।আৰু তইতো বগী কইনা পাই বৰ মানুহ হ'লি,মাতিলেও নাহ।

: ………। সিতো তাৰ বিপদৰ কথা নজনোৱাকৈ নাছিল,তাৰ পিছতো এতিয়া এই কথাৰ কি উত্তৰ দিব ভাবিব নোৱাৰি মনে মনে ৰ'ল সি।

:"শাকৰ গুটিয়ে কবি পুলিয়ে লগাম বুলি তোক শাকনিৰ ঘাঁহ বন নিকাব মতাইছিলো,নাহিলি সময়ত।"

:"নহয় খুৰাদৌ,মোৰ জ্বৰ হ'ল।মই অলপ মুৰ দাঙোতেই কমলীকো জ্বৰে পালে।তাইৰতো অলপ টানেই। সেই কাৰণেহে মই তাইক এৰা দি……

:"এহ্ থ। জানো সেইবোৰ ভালকৈ। কিন্তু নতুন কইনাক পানী লগা বেমাৰতো বহুৱাই খুৱালে পিছত মাটিত ভৰি নোথোৱা হ'ব।"

:"………"

:"এএ…হ্ সেইবোৰ তোৰ সংসাৰৰ কথা মই কি ক'ম।কিন্তু এতিয়া আৰু তোক দিবলৈ কাম নাই যে।মই আগফাল পিছফাল গোটেইখনতে ঘাঁহ-বন, জংঘল মৰা ঔষধ দিয়ালোঁ।মোৰ তলত কাম কৰা মহৰি এজনে আনি দিছিল।গতিকে এইবাৰলৈ আৰু তই কাম নকৰিলেও হ'ব। পিছত কেতিয়াবা অইন কামত লাগিলে খবৰ দিয়াম বাৰু যা।"

:"……।" কাম নাই যদি সিতো যাবই লগিব।বৰুৱা ঠিকাদাৰে যিমান সহজে কৈ দিলে কাম নাই বুলি তাৰ কাৰণে সিমানেই কঠিন হৈছে সেই কথা মানি লোৱাতো।

ওলাই অহাৰ আগতে ৰাতিপুৱা অলপকৈ শান দি লোৱা তাৰ মূলধন দা আৰু কাঁচিখন ভৰাই অনা কাপোৰৰ মোনাখন মাটিৰ পৰা তুলি লৈ সি মুখেৰে একো নমতাকৈ ঠিকাদাৰৰ ভিতৰ চোতালৰ পৰা আগচোতাললৈ খোজ ল'লে।

হয়, ঠিকাদাৰৰ আগচোতালত সি ঠিকেই দেখিছে অপতৃণ নাশী ঔষধৰ চোকত ৰঙা মুগা বৰণ লৈ শুকাই যোৱা ঘাঁহ-বন বোৰ।কিন্তু সেইসময়ত হাজাৰটা চিন্তাত আধামৰা ঘাঁহখিনিৰ দৰে জঁই পৰি যোৱা তাৰ মুখখন হয়তো আন কোনেও দেখা নাছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in