মহাভাৰত

মহাভাৰত

♦ মানসজ্যোতি শৰ্মা

অৱশেষত তাইৰো হাঁহি উঠিল৷ জালত বগী ভাঙোন উঠা দেখি গাঁৱৰ পুখুৰীত মাছ মাৰিবলৈ মাতি অনা সুবোধ দাদাৰ মুখৰ সন্তুষ্টিৰ হাঁহিটো তাইৰো মুখত বিয়পি পৰিল৷

কিন্তু মনটোৱে তাকেই বিচাৰিছিল জানো!

: মহাভাৰতখন পঢ়ি ল।-তাইৰ ধৈৰ্য নহ'ল৷ এটা ঘটনা উপস্থাপনৰ আলমত লানি নিচিগা ঘটনাৰ সৃষ্টি৷ শকুনিৰ জন্ম, জীৱন নাজানিলে কুৰুক্ষেত্ৰৰ মজা নাপায়৷

তাই নোৱাৰিলে৷ শেষ নৌহওতেই তাই এৰি দিলে৷ ড্ৰয়িংৰূমৰ ষ্টিলৰ আলমাৰীটোত থিয়কৈ সজাই থোৱা মহাভাৰতখনৰ বাওঁকাষেৰে মূৰটো উলিয়াই ৰামায়ণখনে তাইক ইতিকিং কৰিলে৷ জোৰকৈ আইনাৰ দুৱাৰখন টানি তাই পাকঘৰলৈ গ'ল৷

: আমাৰ দিনত বোৱাৰীয়ে ব্ৰহ্মপুৱাতে বিছনা ত্যাগ কৰিছিল৷- সিদিনা তাইৰ অলপ পলম নোহোৱা নহয়৷ ৰাতি ইউটিউবত গুলাব গেং নামৰ মাধুৰীৰ চিনেমাখন সম্পূৰ্ণকৈ চালে৷ তথাপি পাঁচ বাজি পোন্ধৰ মিনিট থাকোতে তাই চোতালত নামিছিল৷ শাহুৱেকে চল চাই কঁঠীয়া পাৰিলে৷

দুয়োটা ৰূমৰ মাজৰ ক'ৰিডৰটোত পকাৰ ওপৰতে তাইক ভাত দিছিল৷ মাহৰ এই পাঁচদিন তাইৰ নগুৰ-নাকতিৰ সীমা নাই৷ তিনিদিনৰ দিনা খাৰলিৰে চুলি ধুই শুদ্ধি নোহোৱা পৰ্যন্ত তাই অস্পৃশ্য।

: মা, ভাত দে৷- পাকঘৰৰ মজিয়াত বহি ভাত খোৱাজনী তাইৰ ননদ৷ তাইৰো আজি দুদিন৷ অৱশ্যে তাইৰ লগত শাহুৱেক বহুখিনি লিবাৰেল৷ হ'বও৷ নিজৰ পেটৰ সন্তান যে!

তাইৰো মাকলৈ মনত পৰে৷ এহাত ওপৰৰ পৰা তাইৰ পাতত শাহুৱেকে বাকি দিয়া দাইলখিনি ছিটিকি চাদৰখনত পৰিলে মাকলৈ মনত পৰে৷ মাকৰ ঘৰৰ পৰা অনা বাচন-বৰ্তনখিনি তাইৰ অনুপস্থিতিত লিষ্ট কৰি লোৱা শাহুৱেকজনী তাইৰ মাক হ'ব নোৱাৰিব বুলি তাই আগতেই বুজিব লাগিছিল৷ নুবুজিলে৷ বুজিবলৈ চেষ্টাও নকৰিলে।

: সেয়া তোমাৰ ভুল৷- ৰতনে ঠিকেই কয়৷ বেছি দিবলৈ গ'লেও চাগে অতৃপ্তি বাঢ়ে।

ৰতনৰ ট্ৰেন্সফাৰ হৈছে৷ তাইকো লগত লৈ যাব৷ ইতিমধ্যে সকলো যা-যোগাৰ সম্পূৰ্ণ কৰা হৈছে৷ কাইলৈ সিঁহত যাবগৈ৷

খবৰটো পাই তাইৰ মনটো দেওধনী নৃত্য কৰা নৰ্তকীক দৰে নাচি উঠিল৷ চোকা অস্ত্ৰ এপাতৰ ওপৰত দুই ভৰি তুলি নাচি থকা নৰ্তকীৰ দৰে তায়ো হালি হালি বাগি মাৰিছিল৷

কিন্তু সেয়া দেখোন তাই নাছিল৷ তাইৰ মনটোকো তাই চিনিব নোৱাৰা হৈ পৰিছে।

: মই নগ'লে তোমাৰ অসুবিধা হ'ব৷ কিন্তু মই গ'লে মাৰ আলৈ-আথানি হ'ব৷- ৰতনে তাইক সাবতি ধৰিছিল। তায়ো সাবতি ধৰিছিল যিমান পাৰি সিমান জোৰেৰে৷

বহুদিনৰ পিছত তাই মুকলি হ'বলৈ মন মেলিছে৷ ব্যস্ততাৰ মাজতো এইবাৰ তাই মহাভাৰতখন শেষ কৰিবই৷ তাইৰো জানিবলৈ মন আছে, যাজ্ঞসেনীৰ খোলা চুলিৰ আঁৰত কিমান অন্ধকাৰ লুকাই আছে৷

 চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in