জীয়া বিষাদৰ সাক্ষী…

জীয়া বিষাদৰ সাক্ষী…

ভাস্কৰজ্যোতি বড়ো

'সাহিত্য সন্ধান' চুটি গল্প- ৪২

হঠাৎ মোৰ দৃষ্টি আবদ্ধ হৈ পৰিল। কৌতুহলপূৰ্বকভাৱে মই ভালদৰে নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিলো।কোন হব পাৰে সেই মহিলাগৰাকী? যদিও বহু সভা সমিতিত অংশগ্ৰহণ কৰিছো তথাপি আজিৰ অভিজ্ঞতা মোৰ বাবে সম্পূৰ্ণ পৃথক।প্ৰিয় মানুহবোৰৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ মাজত কেতিয়াবা জীৱনত বহুত কিবাকিবি পোৱা যেন অনুভৱ কৰো।

এসপ্তাহ আগতেই সম্পাদক নিশান্ত হাজৰিকাই নিজে ঘৰলৈ গৈ নিমন্ত্ৰন কৰি আহিছে। নিশান্ত মোৰ পুৰণি বন্ধু। এসময়ত কলেজত একেলগে পঢ়িছিলো। সি সমাজশাস্ত্ৰ বিষয়ত স্নাতক সম্পূৰ্ণ কৰি বৰ্তমান বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে।নিশান্ত হাজৰিকাৰ হাঁহিটোত সেই কলেজীয়া দিনৰ দুষ্টালি, কেন্টিনত খোৱা লোৱাৰ সময়ত আদ্দা দিয়া কথাবোৰ আজিও পৰিস্ফুত হৈ পৰে। সি বৰ্হিমুখী স্বভাৱৰ।সি অতি সোনকালে সকলোৰে লগত মিলি যাব পাৰে। কলেজৰ কোনজনী ছোৱালী ধুনীয়া,কোনজনীয়ে কি বিষয়ত পঢ়ি আছে,কোনজনীৰ কি নাম এই সকলোবোৰ তথ্য তাৰ জিভাৰ আগত লাগি আছিল। কিন্তু আজিৰ দিনটোত নিশান্ত হাজৰিকা মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয়।বৰঞ্চ সেই মহিলাগৰাকীহে যিয়ে বাৰে বাৰে মোৰ কৌতুহল মনটোক ৰহস্যৰ মাজলৈ ঠেলি লৈ গৈ আছে।

উৎসুকতাপূৰ্ণ দৃষ্টিৰে বাৰে বাৰে লক্ষ্য কৰিলো কোন হব পাৰে সেই মহিলাগৰাকী? চকুৰ কাষত থকা কলা দাগটোৱে মোক আৰু বেছি কৌতুহলৰ মাজলৈ ঠেলি লৈ গল। সেই দাগটো যে সাধাৰণ দাগ নহয় তাক মই সহজে অনুমান কৰি লব পাৰিছিলো। হয়তো কোনো বিশেষ কাৰণত আঘাতপ্ৰাপ্ত সেই দাগ স্থা

মোৰ সন্মুখৰেই মহিলাগৰাকী মঞ্চলৈ উঠি গৈছিল। সাধাৰণ মেখেলা চাদৰ পৰিধান কৰা মহিলাগৰাকীৰ চাল চলন আৰু ভংগিমাত সাধাৰণ গাঁওলীয়া জীৱন যাপনৰ স্পষ্ট প্ৰকাশ। মুখমণ্ডলৰ আকৃতিত অতি সহজে ধৰিব পাৰি যে তাই এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলা। হয়তো তাই প্ৰথমবাৰৰ বাবে মঞ্চত থিয় দিছে সেয়ে মঞ্চৰ মাজমজিয়াত কিছু অপ্ৰস্তুত অনুভৱ কৰিছে। আন আন দৰ্শকৰ দৰে ময়ো তাইৰফালে একেথৰে চাই ৰলো। তাই ক'ৰ পৰা ভাষণ আৰম্ভ কৰিব সেয়া হয়তো তাইৰ বাবে জটিল পৰিস্থিতি। তাইৰ দুচকুত লাজ আৰু ভয়ৰ সংমিশ্ৰিত ৰূপ। তাই এইবাৰ দীঘলকৈ উশাহ এটা টানি ললে, হয়তো তাই ওলপ সাহস গোটাবলৈ চেষ্টা কৰিছে। তাৰ পিছত মাথো শুনা গ'ল মহিলাগৰাকীৰ স্তব্ধহীন কন্ঠত বলিষ্ঠ ভাষণ।

বোৱাৰী হৈ আহিবৰ দিনৰে পৰাই তাই গিৰিয়েক আৰু শাহু আইৰ তীব্ৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰত দিন পাৰ কৰিছে। যৌতুকৰ নামত কিমানবাৰ যে তাই মানসিক নিৰ্যাতনৰ বলি হবলগীয়া হৈছে তাৰ লেখ নাই। নিৰুপায় জীৱনটোত তাই মাথো নিজকে ধিক্কাৰ দিয়ে। গিৰিয়েকৰ মৃত্যুৰ পিছত তাইৰ জীৱন বেছি দূৰ্বিসহ হৈ পৰিল। জ্বলা জুইত ঘিউ ঢালি দিয়াৰ দৰেই শাহু আইৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা ভমককৈ জ্বলি উঠিছিল। সমাজে পিন্ধাই দিয়া শুভ্ৰ সাজযোৰত তাই আৱদ্ধ হৈ পৰিছিল। তাইৰ জীৱনটোক যেন বিশাল সাপ এডালেহে মেৰিয়াই ধৰিছে। তাইৰ কপালৰ ৰঙা বেলিটো ম্লান হৈ চিৰদিনৰ বাবে অস্তাচলৰ দেশলৈ গুচি গৈছিল। তাই এইটোও জানিছিল, কপাহৰ সমান কোমল হলেও তাই শাহু আইৰ বুকুত কেতিয়াও সোমাব নোৱাৰে। কিন্তু এগৰাকী নাৰী হোৱাৰ বাবেই হয়তো তাই বাৰে বাৰে পাহৰি পেলায় তাইৰ ওপৰত কৰা অত্যাচাৰৰ কথাবোৰ। স্বভাৱ সুলভ ভাৱেই তাই নিজস্ব দায়িত্ববোধ মূৰ পাতি লয়।

ঃ" হেৰৌ কুলক্ষিনী! গিৰিয়েৰাৰ মূৰ খাই হেপাহ পলোৱা নাই। এতিয়া মোকো খাবলৈ আহিছ। "

শাহু আইৰ কথাবোৰে তাইৰ হৃদয়ত শেল হৈ বিন্ধে। নিজৰ ঘৰখনতেই তাই খোজে প্ৰতি অপমান আৰু নিন্দাৰ ভাগিদাৰ, তেনেক্ষেত্ৰত সমাজত তাই কোন কুটা। সমাজখনৰ আগত তাইৰ বাবে সুকীয়া নিয়ম।ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে তাইৰ সৰলতাৰ সুযোগ লৈ গোটেই গাওঁখনেই তাইৰ শত্ৰু হৈ পৰিছে।সমাজৰ সিদ্ধান্তত তাই এঙৰীয়া। নিয়তিৰ কৰুণ চক্ৰত সৰ্বহাৰা হৈয়ো সমাজে তাইক অপযশ দিছে।গাঁওখনৰ অপায় অমঙ্গলৰ মূলতেই সমাজে তাইক ডাইনী আখ্যা দিছে। সভ্য সমাজৰ সেই অসভ্য স্বীকৃতিত সি উপায়হীন।

তাই ভাবিবই নোৱাৰে কিহৰ বিশ্বাসৰ ভেটিত মুখা পিন্ধা সভ্য সমাজে তাইক সেই বৰ্বৰ অপযশ দিবলৈ কুন্ঠাবোধ নকৰিলে। তাইৰ জীৱনটোক লৈ কিয় সমাজে নিষ্ঠুৰ ষড়যন্ত্ৰ ৰচিছে? দূৰ্বিসহ জীৱনৰ প্ৰত্যেকটো মূহুৰ্তৰ উত্তৰ লাগে তাইক।

দুপৰ নিশা। সময় তেতিয়া প্ৰায় বাৰ বাজিছে। সমস্ত পৃথিৱী নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লোৱাত নিস্তব্ধতাই বিৰাজ কৰিছিল। বাহিৰত ইতিমধ্যে ঘিটমৰা আন্ধাৰৰ ৰাজত্ব চলিছে। সেই আন্ধাৰত কোনেও কাৰো অস্তিত্ব বিচাৰি পোৱা সম্ভৱ নহয়। তেনে এক অন্ধকাৰ নিশাত বাহিৰত তাই কাৰোবাৰ মাত শুনিছিল। কোন হব পাৰে সেয়া? সেই জয়াল ৰাতি কোনে তাইক মাতিব পাৰে? হাতত চাকিগচি লৈ তাই বাহিৰলৈ ওলাই আহিল।

ঃ" কোন, কোন সেয়া? কোন থিয় হৈ আছা?"

কিছু আতৰত দীঘল ছাঁ কেইটাক উদ্দেশ্যি তাই মাত লগালে। কিন্তু সিঁহতৰ পৰা কোনো উত্তৰ নাহিল।এইবাৰ তাই চাকিগচি কিছু দূৰলৈ নি ভালদৰে লক্ষ্য কৰিলে। তাই অবাক হৈ পৰিল। কৰাল মূৰ্তি ধৰি নৰদানৱৰ দল এটা তাইৰ সন্মুখত থিয় হৈ আছে। গাঁৱৰ কেইবাজনো চিনাকি মুখৰ ব্যক্তিয়ে হাতত দাঁ, শিল, জোং আদি লৈ থিয় হৈ তাইৰ বাবে ৰৈ আছে। তাই আচলতে ভাবি পোৱা নাছিল ঘটনাৰ প্ৰকৃত কাৰণ। সেই দূপৰ নিশা সিঁহতৰ আগমনৰ উদ্দেশ্যই বা কি?

ভয়ত তাই কপিবলৈ ধৰিছিল। ইতিমধ্যে নৰপিশাচৰ দলটোৱে তাইক আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিল। তাই তেতিয়া বুজি উঠিছিল সমাগত অনিবাৰ্য মৃত্যুৰ কথা। আন্ধাৰৰ সুযোগ লৈ তাই যিমান পাৰে দৌৰি পলাবলৈ চেষ্টা কৰিছিল। শিলগুটি এটাৰ প্ৰচণ্ড প্ৰহাৰে তাইৰ চকুৰ কাষত জোৰেৰে আঘাত কৰিছিল। ধাৰাষাৰে বৈ অহা তেজে মুখত চেকুৰা বান্ধি তাইৰ মুখ ৰাঙলী কৰি তুলিছিল। কিন্তু তাই কোনোমতে জীৱনটো লৈ পলাবলৈ সক্ষম হয়। সেই ভয়াবহ কালৰাত্ৰিৰ কথাই আজিও তাইৰ হৃদয়ক আতংকিত কৰি তোলে।

কথাবোৰ কৈ থাকোতে মহিলাগৰাকীৰ চকু চলচলীয়া হৈ পৰিল। উপযুক্ত শিক্ষাৰ অভাৱত সমাজত চলি থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে তাই অহৰহ মাত মাতি গৈছে। তাই কৈ গৈছিল মিছন বিৰুৱালাৰ সদস্য হিচাপে সমাজ সচেতনতাৰ ক্ষেত্ৰত সিঁহতৰ পদক্ষেপৰ কথাবোৰ। কিদৰে আজিও নিৰীহ মানুহক কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে ডাইনী সজাই হত্যা কৰা হয়। কিদৰে আজিও অন্ধবিশ্বাসৰ কবলৰ পৰা মানুহ মুক্ত হব পৰা নাই। মহিলা গৰাকীৰ ভাষণৰ অন্ততঃ অদম্য সাহস দেখি বিস্মিত হৈ পৰিলো। কিছু মূহুৰ্তৰ বাবে এক নীৰৱ পৰিৱেশ বিৰাজ কৰিল। তাৰ পিছত সেই নীৰৱতা ভেদি মোৰ কানৰ কাষত ভাহি ৰল সমজুৱা ৰাইজৰ হাত চাপৰিৰ শব্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in