শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

আনইনষ্টল…

315

● কমলেশ বৈশ্য

‘সাহিত্য সন্ধান’ চুটি গল্প- ৪১


মেচেঞ্জাৰত মেচেজটো দেখাৰ লগে লগে অভিষেকৰ মনত আনন্দৰ জোঁৱাৰ উঠিল৷ আনন্দতে কি কৰিব, কি নকৰিব এনে এক অৱস্থাৰ সৃষ্টি হ’ল অভিষেকৰ৷ দীৰ্ঘদিনৰ সাধনাই যেন সিদ্ধি লাভ কৰিলে, এনে লাগিল অভিষেকৰ৷ মেচেজৰ ৰিপ্লাই দিব পাহৰি গ’ল সি৷

‘সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছো ‘ আকাংক্ষাই মেচেঞ্জাৰত প্ৰেৰণ কৰা এই মেচেজটো বাৰে বাৰে পঢ়ি থাকিল অভিষেকে৷ মেচেজৰ ৰিপ্লাইৰ কথা ভাবি থাকোতে হঠাতে আকৌ এটা মেচেজ আহিল৷ -” চ’ৰি অভিষেক৷ মই আন এজনক দিব খোজা মেচেজটো তোমাৰ তাত গ’ল৷ প্লিজ মেচেজটো ডিলিট কৰি দিবা ৷ কোনোবাই কিবা ভাবিব পাৰে৷’

মেচেজটো পঢ়ি অভিষেকে লিখিলে- “আকাংক্ষা, চিন্তা নকৰিবা৷ অন্তত মই তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিও৷ মেচেজটো ডিলিট কৰাই নহয়, মেচেঞ্জাৰ এপচটোকে আনইনষ্টল কৰি দিম৷ “

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি