নন্দি ঘাট

নন্দি ঘাট

♦ অৰূপ ৰাজ কলিতা

এই ঘাটৰ আবেলিবোৰ ক্ৰমশঃ বিবৰ্ণ হৈ পৰিছে । আবেলিৰ সেই সৌন্দৰ্য্য আজি আৰু বিচাৰি পাবলৈ নাই এই ঘাটত । নদীখন মৰি থকাৰ দৰে এই ঘাটৰ সৌন্দৰ্যবোৰো হেৰাই থাকিল। হেৰাই থাকিল মানুহবোৰৰ সজীৱ মনবোৰ । হেৰাই থাকিল মানুহবোৰ। মানুহেৰে ভৰি থকা গাঁওখনৰ মানুহবোৰ গাঁও এৰি গুছি গ'ল। আঙুলি মূৰত গণিব পৰাকৈহে মাথোন কেইঘৰমান মানুহ আছে । ৰূপালীও যাব খুজিছিল এই গাঁওখন, এই নৈখন এৰি । কি সতে থাকিব, কি কৰি খাব ইয়াত সিহঁতে ? কিন্তু মনোহৰ আকোৰগোঁজ । এই গাঁওখন , এই নৈখন এৰি কলৈকো নাযায় সি । তাৰ সৈতে ৰৈ গ'ল ৰূপালীও। মনোহৰৰ ওপৰত খং উঠে তাইৰ কেতিয়াবা। কি মোহত বাৰু এই নৈখন, এই গাঁওখন এৰিব নোৱাৰিলে সি ? সুধিব খুজিও নুসুধিলে তাই কথাবোৰ । আচলতে কথাবোৰ তাইও বুজে । নৰাৰ পেঁপা বজাই পথাৰে পথাৰে দৌৰি ফুৰা দিনৰ পৰাই পাইছে তাই মনোহৰক । নৈখন মৰি যোৱাৰ বিৰহত এই পাৰতে বহি ৰাউচি জুৰি কন্দা দেখিছে তাই মনোহৰক । এই নৈখন বুকুতে বৈ আছে তাৰ, এৰি যাব নোৱাৰে সি প্ৰাণৰ নৈ খন….

ৰাতিপুৱাতে খবৰটো বনজুইৰ দৰে বিয়পি পৰিছিল। ৰজাৰ চিপাহী-চন্তৰী সহিতে বহুতো কাম কৰা মানুহ আহি আছে নন্দি ঘাটলৈ । শোৱাপাটি এৰি মজিয়াৰ মাটিত ভৰি দিছিলহে মাথোন ৰূপালীয়ে । নৈৰ ঘাটৰ পৰা ঘৰলৈ দৌৰি অহা মনোহৰে ঘৰৰ বেৰৰ কামিত খুচি থোৱা দা খন লৈ চিঞৰিছিল —"এটা এটাকৈ কাটি দুছেও কৰিম। কোনে নৈখন ভেটিবলৈ আহে তাকে শেষ কৰিম । এই নদী আমাৰ, এই পানী আমাৰ , ইয়াৰ অধিকাৰ আমাৰ।" ৰূপালীয়ে একো বুজি পোৱা নাছিল কথাবোৰ। কি হ'ল বাৰু মানুহজনৰ এই ৰাতিপুৱাতে ? খঙৰ ভমকত ৰঙা হৈ থকা মুখখনলৈ চাই কিবা এটা সুধিবলৈও সাহস নকৰিলে তাই মনোহৰক। তাৰ চিঞৰ শুনি চুবুৰীৰ বিমল , উদয়হঁত দৌৰি আহিছিল চোতাললৈ । খবৰটোৱে সিহঁতকো যে শংকিত কৰি তুলিছে সেয়া মুখলৈ চালেই বুজিব পাৰি । খঙে ক্ষোভে যে ওফন্দি আছে সিহঁতৰো বুকু । কিন্তু এনেকৈ চিঞৰিলে জানো এই সমস্যাৰ সমাধান হ'ব ? ৰজাৰ বিপৰীতে বাৰু কোন থিয় হ'ব? কথাবোৰ মনোহৰক সিহঁতে বুজাইছে যদিও বুকুত বলি থকা ধুমুহাজাক শান্ত কৰিব পৰা নাছিল কোনেও । নদীখন মৰি থাকিলে যে গোটেই গাঁওখন মৰি থাকিব ! এই কথাই মকৰাৰ দৰে খুলি খুলি খাইছে সকলোকে ।

গাঁৱৰ মানুহবোৰে লগ লাগি ৰাতি ৰাতি মেল পাতিছে । প্ৰতিবাদ হৈছে । গাঁৱৰ পৰা প্ৰতিনিধি গৈছে ৰাজধানীলৈ । আনফালে এটা অপশক্তি দলে গা কৰি উঠিছে গাঁওখনৰ একতা নিঃশেষ কৰিবলৈ ৷

পূৰ্ণোদ্যমে কাম চলিছে নৈখন ভেটা দি আন এফালেৰে ৰাজধানীলৈ বোৱাই নিবলৈ। পূৰ্বৰ নৈখন মৰি থাকিব । নন্দি ঘাটৰ খং, অভিমান বুকুতে সামৰি ৰাইজৰ প্ৰতিনিধি উভতি আহিছে । ৰাজতন্ত্ৰত সাধাৰণ প্ৰজাৰ দুখ-দুর্গতিৰ কথা শুনাৰ আহৰি নাই । ৰজাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। নৈখন ৰজাই বোৱাই নিব ৰাজধানীলৈ ।

প্ৰতিবাদী সমদলবোৰ লাহে লাহে কমি আহিছে । ৰজাই আদেশ দিছে নৈ ভেটা কাৰ্যত প্ৰতিবাদ কৰা সকলক দেশদ্ৰোহৰ অপৰাধত বন্দী কৰি পোতাশালত থ'বলৈ । চিপাহী-চন্তৰীৰ ভয়ত গাঁৱৰ জীয়ৰী বোৱাৰীবোৰ নৈৰ ঘাটলৈ যাব নোৱাৰা হৈছে। নৈখন নাথাকিলে মাছ মাৰি জীৱন নিৰ্বাহ কৰা গাঁওবাসীয়ে কি কৰি খাব ? এতিয়া যে এই ঘাটত জীৱন দুৰ্বিসহ সেয়া সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে।

ৰজাৰ বিপৰীতে থিয় দিব নোৱাৰা মানুহবোৰে এদিন সিদ্ধান্ত লৈ পেলালে । সিহঁত গুচি যাব নন্দি ঘাট এৰি বেলেগ এটা ঘাটলৈ। নতুনকৈ আকৌ এখন গাঁও পাতিব। সপোনবোৰ আকৌ লহপহকৈ সেউজীয়া হ'ব। নৈখন ৰাজধানীলৈ বোৱাই নিলে ৰজাই। গাঁৱৰ মানুহবোৰ আজি এঘৰ, কালি এঘৰকৈ গুচি গ'ল আন এটা ঘাটলৈ।

ৰূপালীও যাব খুজিছিল। আপোন চিনাকি সকলো মানুহ গৈ গাঁওখন মৰিশালী যেন হৈছে । কাৰ সৈতে থাকিব ইয়াত ? কিন্তু মনোহৰ নিজৰ স্থিতিত অটল। মনোহৰৰ সৈতে ৰৈ গ'ল তায়ো। সি নৈখন, গাওঁখন এৰি যাব নোৱাৰে কলৈকো। সেইকথা তাইও বুজে । নৈখনে তাক জীৱন দিছে , সপোন দিছে। কিদৰে এৰি থাকিব সি নৈখন ? অবৈধ মাতৃত্বৰ বোজা বহন কৰিব নোৱাৰি এইখন নৈৰ বুকুতে কোনোবাই এদিন পাচিত ভৰাই উটুৱাই দিছিল মনোহৰক আৰু বাৰিষাৰ নৈখনে পাচিটো এই নন্দি ঘাটত এৰি গৈছিল । তাক তুলি তালি ডাঙৰ-দীঘল কৰা হৰেশ্বৰে সকলো কথা এদিন বিৱৰি কৈছিল তাক -" নৈখন আমাৰ মাতৃ , আমাৰ ভগৱান । নৈখনে আমাক জীৱন দিছে, জীৱিকা দিছে। কেতিয়াও অবহেলা নকৰিবি নৈখনক।" দেউতাকৰ কথাষাৰ বুকুতে সামৰি সি নৈখন এৰিব নোৱাৰিলে । নোৱাৰিলে নন্দি ঘাট এৰিব । নৈখন মৰি গ'লেও অৱহেলা কৰিব নোৱাৰে সি । এনে এখন জীয়া নৈ তাৰ বুকুত বৈ আছে অনন্তকাল । সি সদায় নেদেখাজনক প্রার্থনা কৰে- এটা প্লাৱন আহি ভাঙি লৈ যাওক ৰজাই সজোৱা এই ভেটা । পূৰ্বৰ নৈখন আকৌ জী উঠক । নন্দি ঘাট ভৰি পৰক অসংখ্য মানুহেৰে । কেতিয়াবা ৰূপালীক চিঞৰি চিঞৰি কয় সি- "শুনিছ সৰুপোণাৰ মাক, আকৌ ভাল দিন আহিব, নৈ খন এদিন পুনৰ জী উঠিব…"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in