সি অনাথ নহয়

সি অনাথ নহয়

♦ তুলিকা দেৱী নাথ

ৰাতিপুৱাৰ কোমল ৰ'দ চাটিৰ সোণোৱালী আভাই অনাথ আশ্ৰমখন আৱৰি ৰখা দেৱদাৰু গছবোৰৰ মাজে মাজে লুকা-ভাকু খেলি আশ্ৰমৰ বাগিছাখনত টুকুৰা টুকুৰকৈ পৰিছে৷ সেই আভাৰ উষ্ম পৰশত হাঁহি পেলাইছে আশ্ৰমখন আাগুৰি ৰখা ভিন্ন ৰঙৰ ফুলবোৰে৷ মালিনীয়ে ফুলবোৰত পানী দি থাকোতেই যেন ফুলবোৰৰ লগত কিবা কথা পাতিছে৷ তাই প্ৰতি জোপা ফুলগছকে বৰ আলফুলকৈ প্ৰতিপাল কৰে৷ মাক-দেউতাকে তাইৰ নাম মালিনী ৰাখিছিল৷ প্ৰকৃততে তাই মালিনীয়ে হয়৷ কেৱল মাত্ৰ এই ফুলনীখনৰনে? তাই মালিনী সেই অনাথ আশ্ৰমখনত থকা স্বৰ্গীয় আভাৰে আলোকিত ফুলযেন নিষ্পাপ নিৰ্মল প্ৰতিটো শিশুৰ তাই মালিনী৷ বাগিছাখনৰ প্ৰতিপাহ ফুলৰ আপদাল কৰাৰ দৰে তাই প্ৰতিপাল কৰিছে অনাথ আশ্ৰমখনৰ প্ৰতিটো শিশুক৷ তাইৰ পৰশত সিহঁতে অনুভৱ কৰে মাতৃৰ মমতা৷ মমতাময়ী মাতৃৰ দৰেই মৰমৰ আভূষণেৰে জীপাল কৰি ৰাখে সিহঁতৰ কোমল হৃদয়বোৰ৷ তাই যে সিহঁতৰ মৰমৰ মা৷

মানুহৰ জীৱনটো সুখ-দুখ, হাঁহি-কান্দোনেৰে ভৰা একোটাহঁত নিপুণ কাহিনীৰ একোখনহঁত পূৰ্ণাংগ নাট৷ কিন্তু সেই অনাথ আশ্ৰমখনত থকা প্ৰত্যেকটো শিশুৰ জন্মটোৱে এটা এটা কাহিনী৷ মালিনী এই আশ্ৰমখনলৈ অহা প্ৰায় ৩০ বছৰ মানেই হ'ল৷ এক দীঘলীয়া সময় আশ্ৰমখনৰ শিশুবোৰৰ চোৱাচিতাৰ দায়িত্বত আছে৷ একোটাহঁত কাহিনী লৈ জন্ম হোৱা শিশুবোৰ তাইৰ বুকুৰ আপোন৷ নিজৰ সন্তানৰ দৰে মৰম কৰে তাই প্ৰতিটো শিশুক৷

ৰাতিপুৱাৰ কোমল ৰ'দৰ আমেজ লৈ, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্য উপভোগ কৰি মালিনীয়ে ফুলবোৰৰ প্ৰতিপাল কৰে৷ শিশুবোৰৰ দুই এটা উঠিছে৷ তাৰপিছতে মালিনী দিনটোৰ বাবে সিহঁতৰ লগতে ব্যস্ত থাকে৷ এনেতে গেটত ৰ'লহি নীলা ৰঙৰ সেই বিশেষ গাড়ীখন৷ গাড়ীখন দেখি মালিনীৰ মনলৈ আহিল বিহুলৈ আৰু বেছি দিন নাই, ১০দিন মানহে আছে৷ হয়, সেই নীলা ৰঙৰ গাড়ীখনত কোনোবা এজন ব্যক্তি আজি কেইবছৰ মানৰ পৰা প্ৰত্যেক বছৰে সেই বিশেষ দিনটোত আহে অনাথ আশ্ৰমখনলৈ৷ দান-বৰঙনিৰ লগতে সকলো শিশুলৈ লৈ আনে একোযোৰ সাজ আৰু খোৱা বস্তু৷ কোন আহে মালিনীয়ে কেতিয়াও দেখা নাই বা জানিবলেও ইচ্ছা কৰা নাই৷ গাড়ীখন দেখিলে তাইৰ মনটো আপোনা আপুনি ভাল লাগে৷ অনুভৱ হয় এৰা দানবৰ মাজটো মানৱ আছে৷ অলপ সময়ৰ পিছত চকিদাৰ জনে কাপোৰখনি আৰু খোৱা বস্তুবোৰ লৈ ভিতৰলৈ সোমাই আহিল৷ মালিনীয়ে সদায় সোধাৰ দৰেই চকিদাৰজনক সুধিলে-

"কোন আহিছিল বাহাদুৰ কাই ?"

"এজন ডাঙৰ চাহাব আহিছিল৷ এই বস্তুবোৰ দি থৈ গৈছে৷ তেওঁ প্ৰত্যেক বছৰে আহে আজিৰ দিনটোতে৷"

সেই একেই উত্তৰ ৷ কাপোৰ কানি আৰু খোৱা বস্তুবোৰ চ'কিদাৰজনৰ হাতৰ পৰা লৈ মালিনীয়ে আকৌ সুধিলে-

"চাহাবজন কিমান মান বয়সৰ হ'ব ? বৰ উদাৰ মনৰ মানুহ৷"

"নাই নাই বেছি বয়সৰ নহয়। তেওঁৰ আগতে এই দিনটোত তেওঁৰ দেউতাক আহিছিল৷ আজি চাৰি বছৰমান সেই ল'ৰাজনহে আহি আছে৷ হ'ব চাগৈ ২৮-২৯ বছৰ মান বয়সৰ৷"

মালিনীৰ হৃদয়খন মোচৰ খাই পৰিল৷ এৰা, তাইৰ ল'ৰাটো জীয়াই থকা হ'লে ইমান মান বয়সৰে হ'ল হেতেন৷ আছে নেকি বাৰু ক'ৰবাত জীয়াই? এবাৰ যদি তাই লগ পালেহেঁতেন৷ মালিনীৰ বুকুৰখনত যে কেইবা তৰপো গেদীয় শিলাৰ দুখানুভূতিৰে থূপ খাই আছে৷ চাদৰৰ আগটোৰে জলভৰ হৈ পৰা চকুযুৰি মচি ল'লে৷ ল'ৰা-ছোৱালীবোৰৰ ৰাতিপুৱা খোৱাৰ সময় হৈছে৷ মালিনীয়ে অচিনাকি মানুহজনে অনা কণী আৰু ব্ৰেড-বাটাৰ ল'ৰা-ছোৱালীবোৰক দি গ'ল৷ সিহঁত সুখী হয়৷ জিলিকি উঠে সিহঁতৰ মুখবোৰ৷ সিহঁতৰ উজ্জ্বল মুখবোৰ দেখিলে প্ৰশান্তিত আলোকিত হয় মালিনীৰ হৃদয়৷ আজিৰ সেই বিশেষ দিনটোৰ লগত যে তাইৰ জীৱনৰ এক কাহিনী জড়িত হৈ আছে ৷ এৰা মনটোত তাইৰ লুকা ভাকু খেলিছে ৩০ বছৰৰ আগৰ কিছুমান ছবিয়ে৷ গোমা আকাশত লুকাভাকু খেলা শুকুলা মেঘৰ টুকুৰা বোৰৰ দৰেই মন আকাশত অগা দিয়া কৰিছে অতীতৰ নিৰ্যাস কঢ়িয়াই অনা সেই দুখৰীয়া ছবিবোৰে৷

দৰিদ্ৰতাই মেৰিয়াই ধৰি থকা ঘৰখনত মালিনী আছিল একমাত্ৰ উপাৰ্জনৰ পথ ৷ চহৰৰ এঘৰত কাম কৰি তাই পুৰাই গৈছিল ঘৰখনৰ অভাৱ ! ৰোগত পিষ্ট দেউতাকৰ দৰৱ, ভায়েকৰ পঢ়াৰ খৰছ , ঘৰৰ নিমখ-তেলৰ যোগান৷ প্ৰেমৰ অভিনয় কৰা মালিকনীৰ ভায়েকৰ মাতাল পৰশত এদিন তাই গৰ্ভৱতী হৈছিল ৷ পবিত্ৰ প্ৰেমক শ্ৰদ্ধা কৰা মালিনীয়ে বুজি পোৱা নাছিল চালনা আৰু বিশ্বাসঘাটকতাৰ আভূষণ পিন্ধা তাইৰ ভন্দ প্ৰেমিকৰ আচল ৰূপ ৷ মালিকনীয়ে ভায়েক আৰু তাইৰ কথাবোৰ গম পাই তাইক কামৰ পৰা উলিয়াই পঠিয়াই দিছিল ৷ বিয়া পাতিম বুলি কথা দিয়া মালিকনীৰ ভায়েকো অন্তৰ্ধান হৈছিল ৷ সহজ-সৰল মালিনীৰ ৰঙীন সপোনবোৰো সূতা ছিগি সৰি পৰা চিলাৰ দৰেই সৰি পৰি ওলমি ৰৈছিল অন্ধকাৰময় ভবিষ্যতৰ তাঁৰত ৷ এটা স্ফীতগৰ্ভ লৈ উভতিছিল তাই ঘৰলৈ৷ মাক-দেউতাকৰ পৰা বহু ককৰ্থনা পালে ৷ মাকৰ বহু তিৰস্কাৰ শুনিও মালিনীয়ে সন্তানটো নষ্ট নকৰিলে ৷ তাই সমাজলৈ ভয় নকৰে ! তাই জন্ম দিব তাইৰ গৰ্ভত থকা সেই নিষ্পাপ দেৱ শিশুক ৷ বহাগ বিহুলৈ ১০ দিন বাকী থাকোতে আজিৰ এই দিনটোতে জন্ম দিছিল মালিনীয়ে এটি পুত্ৰ সন্তান ৷ জন্ম হোৱাৰ পিছতে মাকে দাঙি ধৰিছিল সন্তানটি তাইৰ আগত ৷ কণ কণ চকুৰে, গোলাপী ৰঙৰ এটা দেৱ শিশু৷ বাওঁ কাণখনৰ গুৰিতে গোলাপী গালৰ এচুকত আছিল ক'লা তূলসীৰ পাতৰ দৰে দুটা দাগ আৰু সোঁহাতৰ বুঢ়া আঙুলিটোৰ কাষতে সৰুকৈ আৰু এটা আঙুলি৷ হয় মালিনীয়ে স্পষ্টকৈ দেখিলে৷ কণমানি হাতখন চুই চুমা এটা আঁকিবলৈ নৌপাওতেই মালিনী অচেতন হৈ পৰিল ৷ অতিৰিক্ত ৰক্তক্ষৰনৰ বাবে মালিনী অচেতন হৈছিল ৷ সেয়াই আছিল মালিনীৰ পুত্ৰৰ সৈতে শেষ মিলন ৷ কুমাৰী ছোৱালীৰ পুত্ৰ '…..' নাম পোৱাৰ ভয়ত মাকে সন্তানটো মালিনীৰ ওচৰৰ পৰা লৈ গৈছিল৷ চেতনা পাই যেতিয়া মালিনীয়ে তাইৰ সন্তানটো বিচাৰে মাকে নিষ্ঠুৰভাবে কৈছিল-

"ল'ৰাটো মৰিল ৷ তই এটা মৰা ল'ৰা জন্ম দিছিলি ৷ আৰু কথা মোক নুসুধিবি ৷ পাহৰি যা সকলোবোৰ৷"

মালিনীয়ে কান্দি কান্দি গছৰ পাত সৰাইছিল ৷ দুখন কণ কণ হাতৰ পৰশ বিচাৰি তাই পাগল হৈ পৰিছিল৷ মালিনীৰ মনে নামানে, সি জীয়াই আছে ৷ মাকে মিছা মাতিছে ৷ মাক নিৰ্বাক আছিল যেন কথা নোকোৱাৰ ভীষ্ম প্ৰতিজ্ঞাহে কৰিছে তেওঁ ৷ দহ মাহ গৰ্ভত ৰাখি সন্তানৰ পৰা বিচ্ছিন্ন হোৱা দুখ আৰু সমাজৰ লেই-লেই চেই-চেই সহ্য কৰিব নোৱাৰি মালিনী ওলাই আহিছিল ঘৰৰ পৰা ৷ পিছত এৰি আহিছিল তাইৰ অতীত, পিতৃ-মাতৃ ৷ আশ্ৰয় লৈছিল সেই অনাথ আশ্ৰমখনত ৷ লাহে লাহে তাই হৈ পৰিছিল স্বৰ্গীয় আভাৰে জিলিকি থকা সেই অনাথ শিশুবোৰৰ "মা", হেপাঁহৰ মা ৷ তাই বহু বছৰ আছে সেই আশ্ৰমত ৷ বহু শিশু ডাঙৰ কৰিছে ৷ বহু অনাথ শিশু আজি প্ৰতিষ্ঠিত ব্যক্তি হৈছে ৷ মালিনী সুখী হয় ৷ এতিয়াও তাই বিচাৰে ৩০ বছৰৰ আগতে বিচ্ছিন্ন হৈ যোৱা তাইৰ শিশু পুত্ৰক সেই অনাথ শিশুবোৰৰ মাজত ৷ দুখন কণ কণ হাতৰ সুকোমল পৰশ বিচাৰি কেতিয়াবা তাই বাউলি হৈ পৰে তেতিয়া অনাথ শিশুবোৰৰ নিষ্পাপ মুখবোৰৰ আভাই শান্ত কৰে তাইৰ অশান্ত মন৷ দুবাহু মেলি আকোঁৱালি লয় শিশুবোৰক৷

ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত স্কুললৈ যাবলৈ লোৱা কেইটাই পঢ়িবলৈ লয়৷ সৰু কেইটাই মালিনীৰ গাতে ঠেলা-ঠেলি কৰি থাকে ৷ পিন্টু, মিন্টু, চিন্টু ইহঁত কেইটালৈ তাইৰ বৰ মৰম ৷ পিন্টু একেৰাহে মালিনীৰ লগতে লাগি থাকে ৷ পিন্টুলৈ মালিনীৰ মৰমটোও অকণমান বেছি ৷ এৰা তাৰ জন্মটোও যে আছিল এটা কাহিনী ৷ এটা হৃদয় বিদাৰক কাহিনী ৷ তিনি বছৰ আগতে লেতেৰা জাৱৰ পেলোৱা নৰ্দমা এটাৰ কাষত কোনো লোকে উদ্ধাৰ কৰে সেই নৱজাতক শিশুটি ৷ কান্দোনৰ শব্দ শুনি ওচৰ চাপি গৈ উদ্ধাৰ কৰে সেই শিশুক৷ দয়ালু ব্যক্তিজনে শিশুটোৰ যাৱতীয় চিকিৎসা কৰি কোনো সমাজ সেৱী অনুষ্ঠানক খবৰ দিয়াত শিশুটোক সেই অনাথ আশ্ৰমখনত থৈ যায় ৷ গোলপীয়া গালেৰে লোদোৰ পোদোৰ মৰমলগা শিশুটোৰ চেহেৰাই প্ৰথম চাৱনিতে মালিনীৰ চকু জুৰ পেলাই বুকু সাত পেলাইছিল৷ মাতৃৰ মমতাই ওফন্দি উঠিছিল তেওঁৰ হৃদয় ৷ দুবাহু মেলি বুকুত সাৱটি লৈছিল ৷ মনতে ভাবিছিল কোন সেই পাষান হৃদয়ৰ মাতৃ ? তহঁতৰ নিচিনা নিষ্ঠুৰ অমানুহে এই ধুনীয়া পৃথিৱীখনকো কলুষিত কৰিছে! কিমান কঠোৰ তহঁতৰ হৃদয় ৷ সেয়া তাইৰ অতিকৈ মৰমৰ পিন্টুৰ জন্মৰ কাহিনী ৷

অকণমানি কেইটাই বাগিছাখনৰ পখিলা খেদি খেদি খেলিবলৈ ধৰিলে ৷ আজি দেওবাৰ, বন্ধবাৰ সেয়ে আশ্ৰমলৈ আজি আলহী দুই এক আহি আছে ৷ মাজে মাজে আশ্ৰমখনলৈ আলহী আহে ৷ উদ্দেশ্য বেলেগ বেলেগ ৷ কোনো দয়ালু ব্যক্তি আহে দান দিবলৈ, কোনো আহে শিশুবোৰক এসাজ খুৱাবলৈ, কোনো সন্তানবিহীন দম্পত্তি আহে আশ্ৰমখনৰ নিষ্পাপ ফুলৰ দৰে পবিত্ৰ শিশুহঁতক নিজা চিনাকি দি নিজৰ কৰি ল'বলৈ৷ আজিও আহি আছে আলহী ভিন্ন উদ্দেশ্য লৈ ৷ এনেতে চকিদাৰজনে চিঞৰি মাতিলে-

"মালিনী বাইদেউ আলহী আহিছে ৷ আপোনাক লগ কৰিব বিচাৰিছে। "

মালিনীৰ হৃদয়খনত ধপধপনি উঠিল ৷ সাধাৰণতে দান দিয়া মানুহে চ'কিদাৰজনৰ হাততে সকলোবোৰ দি আশ্ৰমখনৰ দায়িত্বত থকা ট্ৰাষ্টি বিষয়া সকলক জনাই গুচি যায় ৷ কিন্তু আশ্ৰমৰ কোনো শিশুক নিবলৈ আহিলে মালিনীৰ অনুমতিৰ প্ৰয়োজন ৷ চৰাইৰ দৰে দুপাখি মেলি বুকুৰ মাজত ভৰাই ডাঙৰ কৰা শিশুবোৰক আনৰ হাতত তুলি দিওতে মালিনীৰ বহু কষ্ট হয় ৷ হয় মালিনীৰ হৃদয়খনে হাহাকাৰ কৰিছে ৷
কিয় বা মাতিছে তাইক ?

কোনো শিশু নিবলৈ অহা নাইতু ? পিন্টু দৌৰি আহি তাৰ আধা ফুটা মাতটোৰে- "আলহী আহিছে আলহী আহিছে" কৈ তাইক সাৱটি ধৰিলে৷ "চাও ৰহ" বুলি তাই তাক আঁতৰাই যাবলৈ লওতেই এগৰাকী ভদ্ৰ মাহিলা সোমাই আহিল ৷ অলপ ওখকৈ সুন্দৰ চেহেৰাৰ এগৰাকী বিবাহিত মহিলা ৷ পিন্ধনত এযোৰ মেখেলা চাদৰ ৷ মহিলা গৰাকীয়ে নমস্কাৰ জনাই ক'লে-

"আপোনাক লগ কৰিবলৈ আহিছো ৷ "

" আহক, আহক৷ কওঁকচোন বাৰু আপোনাৰ অহাৰ উদ্দেশ্য। "

" আমি আপোনালোকৰ আশ্ৰমৰ পৰা এটি শিশু নিবলৈ আহিছো ৷"

"ট্ৰাষ্টিৰ বিষয়াসকলৰ লগত কথা পাতিলে ?"- মালিনীয়ে মানুহগৰাকীলৈ প্ৰশ্নবোধক চাৱনিৰে চাই সুধিলে৷

" অ' পাতিলো৷ ট্ৰাষ্টিৰ বিষয়া সকলৰ লগত ইতিমধ্যে আলোচনা কৰা হৈ গ'ল ৷ মোৰ স্বামী ৰাতিপুৱা আহিছিল ৷ তেওঁ সকলো কথাপাতি গৈছে ট্ৰাষ্টিৰ বিষয়া সকলৰ লগত ৷ এতিয়া আপোনাৰ অনুমতি পালেই এটি শিশু লৈ যাব পাৰিম "।

মহিলাগৰাকীয়ে আকৌ ক'লে- " অৱশ্যে আজি মই চাবলৈহে আহিছো ৷ নিবলৈ কালিলৈ ৰাতিপুৱা আহিম স্বামীৰ লগত ৷ "

মালিনীৰ হৃদয়খন মোচৰ খাই পৰিল৷ তাইৰ মুখখন হঠাতে মলিন হৈ পৰিল, যেন ফৰকাল আকাশখনক এচপৰা মলিন ডাৱৰে গ্ৰাস কৰিলে ৷ তাইৰ মনে নিবিচাৰে তাইৰ আঁচলৰ তলত মৰমেৰে ডাঙৰ কৰা শিশুহঁতক আনৰ হাতত তুলি দিবলৈ ৷ কিন্তু নিজকে বুজাই এই অনাথ আশ্ৰমখনত ডাঙৰ হ'লে সিহঁতৰ পৰিচয়ো অনাথেই হৈ ৰ'ব ৷ কিন্তু কোনোৱে পুত্ৰ কৰি লৈ তুলি ধৰিলে সিহঁতৰ ভবিষ্যৎ সুনিশ্চিত হ'ব ৷ এটা সুন্দৰ জীৱন পাব। পৰিচয় পাব ৷ কোনোৱে অনাদৰ কৰি দলিয়াই দিয়া ফুলপাহ কোনোৱে দাঙি ধৰাজন সচাঁই দেৱতা। এনেতে পিন্টু ক'ৰবাৰ পৰা দৌৰী আহি তাইক সাবটি ধৰিলে৷ বুকুত শিল বান্ধি তাই সাজু হ'ল ৷ ইফালে পিন্টুৱে মালিনীৰ চাদৰ আগত ধৰি টনা আজোৰা কৰি থাকিল ৷ মালিনীয়ে অকণমান টান কৈ তাক ক'লে-

" যাচোন খেলগৈ ৷ মোক কথা পাতিবলৈ দে"

মালিনীয়ে মানুহগৰাকীক উদ্দেশ্যি ক'লে- " বৰ ভাল কাম কৰিবলৈ লৈছে ৷ আহক আপুনি চাই লওক ৷ ইহঁতবোৰ মোৰ বৰ মৰমৰ"

এনেতে মানুহগৰাকীৰ চকু পিন্টুৰ ওপৰত পৰিল ৷ গোলাপী গালেৰে লোদোৰ পোদোৰ পিন্টুক দেখি মানুহগৰাকীৰ দুই চকু উজ্জ্বল হৈ উঠিল৷ পিন্টুক দুই হাতত ধৰি গালক চুই তাই মৰম কৰি সুধিলে- " এ কি নাম তোমাৰ ? বৰ মৰমলগা দেই"

পিন্টুৱে লাজতে দৌৰ মাৰিলে৷ মানুহগৰাকীয়ে আকৌ ক'লে- " মই আৰু নাচাৱেই ৷ এই অকণমাণিটো ইমান মৰম লগা ৷ মোৰ কিবা মৰম লাগিছে তালৈ ইয়াকে লৈ যাম ৷"

মালিনীৰ হৃদয়খন যে এক প্ৰচণ্ড ধুমুহাই ধুনিচে ৷ তচনচ কৰি পেলাইছে তাইৰ হৃদয়ৰ এটা এটা কোঠা ৷ তাই তাইৰ মৰমৰ পিন্টুক যে আনৰ হাতত তুলি দিব লাগিব ৷ তাইৰ হাতত সেই ক্ষমতা নাই "নাই নিদিও বুলি ক'বলৈ"৷ তাই স্বাৰ্থপৰ হ'ব নোৱাৰে ৷ পিন্টুৰ সুন্দৰ ভবিষ্যতৰ বাবে তাই পিন্টুক সেই অচিনাকী মহিলাগৰাকীৰ হাতত তুলি দিব লাগিব ৷ খুব কষ্টেৰে তাই উত্তৰ দিলে- " ঠিক আছে ৷ লৈ যাব" ৷

এৰা মালিনীৰ কষ্ট হয় ৷ বহুত কষ্ট হয় অনাথ আশ্ৰমখনৰ শিশুবোৰক আনৰ হাতত গতাবলৈ যাওতে ৷ মানুহগৰাকীয়ে মালিনীক ধন্যবাদ জনাই খৰ খোজেৰে গ'লগৈ ৷ মানুহগৰাকী যোৱাৰ পিছত মালিনীয়ে এটা গধুৰ মন লৈ ভিতৰলৈ সোমাই আহিল৷ তাইৰ অন্তৰে কান্দিছে কিবা এটা হেৰুৱাৰ দুখত তাই বাউলি হৈছে ৷ পিন্টু কৰবাৰ পৰা দৌৰী আহি মালিনীৰ ভৰি কেইটাত সাবতি ধৰিলেহি ৷ দুই হাত ওপৰলৈ মেলি সি আব্দাৰ কৰিলে- "মা কোচত উঠা"৷ মালিনীৰ দুই চকু জলভৰ হৈ ধূসৰ হৈ পৰিল৷ "আহ বোপাই আহ" বুলি বুকুৰ মাজত সোমাই লৈ তাই নিঃশব্দে উচুপি উঠিল৷

মালিনীয়ে পিন্টুক ৰাতিটো বুকুৰ মাজত সোমোৱাই শুলে ৷ এটা উজাগৰ ৰাতি কটালে মালিনীয়ে ৷ ৰাতিপুৱা মালিনী সোনকালে উঠিলে ৷ আজি সকলোৰে মন বেয়া ৷ পিন্টুক যে লৈ যাব ৷ দুই এটা ডাঙৰ ল'ৰা-ছোৱালীয়ে কান্দি আছে৷ এক গোমা পৰিবেশ ৷ আশ্ৰমৰ পৰা কোনো ল'ৰা-ছোৱালী গ'লেগৈ এনেকুৱা পৰিবেশ হয়েই ৷ তাতে পিন্টু যে সকলোৰে মৰমৰ ৷ মালিনীয়ে পিন্টুক ৰাতিপুৱাই গা-পা ধুৱাই সাজু কৰিলে ৷ নিজৰ অশান্ত মনটোক বাৰে বাৰে বুজাইছে- ইয়াৰ পৰা ওলোৱাৰ পিছত পিন্টুৱে এটা পৰিচয় পাব , পিন্টুৱে ভালদৰে পঢ়িব, সুন্দৰকৈ প্ৰতিষ্ঠিত হ'ব ৷ আৰু তাইক কি লাগে৷ তাইৰ চাদৰৰ আঁৰত লুকুৱাই ডাঙৰ কৰিলে তাৰ চিনাকি মাত্ৰ এটা অনাথেই হ'ব৷ মালিনীয়ে পিন্টুক খুৱাই মেলি নতুন সাজ এটা পিন্ধাই সাজু কৰিলে৷ এনেতে চকিদাৰজনে বাহিৰৰ পৰা চিঞৰি খবৰ দিলে-"মালিনী বাইদেউ আলহী আহিছে।"

মালিনীৰ বুকুখন কঁপি উঠিল ৷ পিন্টু যাবগৈ তাইক এৰি ৷ তাইৰ মৰমৰ পিন্টু ৷ মালিনীয়ে দুই হাতেৰে তাক সাঁবটি ধৰি কোচত উঠাই চুমাৰে উপচাই পেলালে ৷ নতুন সাজটো পিন্ধোৱা দেখি পিন্টুৱে সুধিলে- "মা আমি ফুৰিবলৈ যাম?"

"অ সোন আমি ফুৰিবলৈ যাম , আমি ফুৰিবলৈ যাম ৷"

মালিনীৰ চকু গেটৰ সন্মুখত পৰিল ৷ আগদিনা ৰাতিপুৱা অহা নীলা ৰঙৰ সেই চিনাকী গাড়ীখন ৰখোৱা আছে৷ হয় একেটাই নম্বৰ ৷ ভিজিটিং ৰূমত আলহী বহি আছে ৷ তাই পিন্টুক লৈ কোঠাটোলৈ সোমাই গ'ল ৷ ভিজিটিং ৰূমৰ এখন চকীত বহি আছে আগদিনা অহা মানুহগৰাকী কাষৰ চকীত তেওঁৰ স্বামী ৷ দুয়ো মালিনীক দেখি থিয় হৈ নমস্কাৰ জনালে ৷ মালিনীয়ে নমস্কাৰ জনাই চকীত বহিবলৈ লওতেই স্পষ্ট দেখিলে সেইদাগ ৷ হয় আজি ৩০ বছৰৰ আগতে মাকে তাইৰ আগত দাঙি ধৰা তাইৰ সন্তানৰ সো কাণৰ তলত থকা দৰেই দুটুকুৰা ক'লা তুলসীৰ দৰে দাগ ৷ গোলাপী ৰঙৰ সেই যুৱকজনৰ সোঁকাণৰ প্ৰায় তলতে আছে সেই একেই ঠাইতে একে ধৰণে আছে দুটুকৰা ক'লা তূলসীৰ পাতৰ দৰে দাগ ৷ নাই তাইৰ ভুল হোৱা নাই ৷ সেই একে ৰং ৷ মালিনীয়ে তৎক্ষণাত যুৱকজনৰ হাতখনলৈ চকু নিলে ৷ হয় তাই ভুল দেখা নাই ৷ সোঁহাতৰ বুঢ়া আঙুলিটোৰ কাষতে আৰু এটা সৰুকৈ আঙুলি ৷ মালিনীৰ মূৰটো হঠাতে ঘূৰিবলৈ ধৰিলে ৷ দুয়ো স্বামী-স্ত্ৰীয়ে কিবা কৈ আছে কিন্তু তাই একো শুনা নাই চকুৰ আগত ভাঁহি আছে মাত্ৰ সেই দাগ , আঙুলি আৰু দুখন মুখ ৷ পিন্টুৱে তাইক লৰাই "মা ফুৰিবলৈ যাও ব'ল" বুলি কওঁতেহে তাই প্ৰকৃতিস্থ হ'ল ৷ মালিনীৰ মনটো কিবা এক অনামী আনন্দত ৰঙীন হৈ পৰিল ৷ তাইৰ বিশ্বাস জন্মিল এয়া এক আৰ্শ্বয্যকৰ সংযোগ ৷ হয় তাই নিশ্চিত, সেইটো তাইৰে ল'ৰা ৷ পিন্টুক নিবলৈ অহা সেই দম্পত্তি তাইৰে পো-বোৱাৰী ৷ পিন্টু যাবলৈ ওলাইছে তাইৰে পুত্ৰৰ ঘৰলৈ ৷ পিন্টুৰ কেতিয়াও আলাই আথানি নহয় ৷ পিন্টুৱে যাবৰ সময়ত কান্দিছিল- " মা তয়ো আহ" ৷ দম্পত্তিদ্বয়ে কিবা এটা কথাৰে তাক বুজাই যাবলৈ ওলাল ৷ পিন্টুয়ো যাবলৈ ওলাল

" মা মই ফুৰি আহো৷"

" যা বোপাই যা ৷ কুশলে থাকগৈ "

মালিনীৰ চকুৰ পৰা পানীৰ ঢল বৈছে ৷ তাইৰ সেই চকুলো কিবা এক পোৱা আৰু হেৰুৱাৰ , সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভৱ এইয়া ৷ সিহঁত যাবলৈ ওলাল ৷ ল'ৰাজনে যাবলৈ ওলাই মালিনীক ক'লে-

" মা আমি যাও ৷ মা চিন্তা নকৰিব আমি তাক ভালদৰে ৰাখিম ৷ ময়ো তাৰ নিচিনাই আছিলো অনাথ শিশু ৷ এজন মহান ব্যক্তিয়ে মোক তুলি ধৰি এক পৰিচয় দিলে , এক চিনাকি দিলে ৷ আমাৰ সন্তান নাই ৷ মই এই কণমানিটোক মোৰ সন্তানৰ মৰ্যাদা দিব খোজো ৷ আজিৰ পৰা সি আমাৰ সন্তান ৷ "

মা ! মাতষাৰ শুনি তাইৰ যে অন্তৰখন শাত পৰিছে ৷ কিবা এক প্ৰাপ্তিৰ আনন্দত ৰঙীন হৈ পৰিছে তাইৰ অন্তৰাত্মা ৷ আজি ইমান বছৰে বিচাৰি ফুৰা এটা প্ৰশ্নৰ তাই সমিধান পাইছে ৷ তাই আজি পৃথিৱীৰ আটাইতকৈ সুখী মাতৃ ৷ নাই তাইৰ আৰু কাৰো ওপৰত একো আক্ষেপ নাই ৷ তাইৰ পুত্ৰৰ চিনাকি অনাথ নহয় ৷ সি সমাজত মূৰ তুলি জীয়াই থাকিব পৰাকৈ এটা পৰিচয় পাইছে ৷ নালাগে সি তাইক চিনি পাব ৷ সি জীৱিত আৰু সুখেৰে আছে তাতকৈ আৰু মালিনীক একো সুখ নালাগে ৷ তাইৰ জীৱন সফল হৈছে , নিজৰ সন্তানক এবাৰ লগ পোৱা আৰু নয়ন জুৰাই চোৱাৰ আশা যে পূৰ্ণ হৈছে।

সিহঁত গ'লগৈ ৷ সিহঁত যোৱাৰ ফালেই চাই জলভৰ চকুৰে মালিনী ৰৈ গ'ল ৷ মালিনীৰ বাকৰুদ্ধ হৈ পৰিছে ৷ মাথো অন্তৰ উজাৰি মনতে আৰ্শীবাদ কৰিছে- "মোৰ বোপাইহঁত কুশলে থাক৷ ভগৱানে তহঁতক মংগল কৰক৷"

গাড়ীখন নেদেখা হোৱালৈকে একে জেগাতে এটা প্ৰস্তৰ মূৰ্তিৰ দৰে মালিনী থিয় হৈ থাকিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in