শেহতীয়া খবৰ
মুম্বাইৰ মোৰলেণ্ড ৰোডত ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ...  •  জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু...  •  সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...  •  দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO  •  গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে...

‘ব্ৰহ্মাস্ত্ৰ’ৰ শ্বুটিঙত ব্যস্ত অমিতাভ বচ্চন, শ্বেয়াৰ কৰিলে ফটো…

332

ডিজিটেল ডেস্কঃ বলিউডৰ জ্যেষ্ঠ অভিনেতা বিগ বি বৰ্তমান ব্যস্ত ‘ব্ৰহ্মাস্ত্ৰ’ শীৰ্ষ ছবিৰ শ্বুটিঙত। ছবিখনৰ শ্বুটিঙৰ বাবে হিমাচলপ্ৰদেশত আছে অভিনেতাগৰাকী। হিমাচলপ্ৰদেশৰ মানালীত শ্বুটিং কৰাতো এক সুন্দৰ অনুভৱ বুলিও কয় অমিতাভ বচ্চনে।

অমিতাভ বচ্চনে ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত লিখে- ‘হিমাচলপ্ৰদেশৰ জনসাধাৰণৰ অতিথি আপ্যায়ন, মৰম আৰু ভালপোৱা অতুলনীয়। তেওঁলোকে সন্মান কৰে, হাঁহি থাকে আৰু সকলোকে উষ্ম আদৰণি জনায়। তেওঁলোকে কম কথা কয়, কিন্তু সকলোকে উষ্ম আদৰণি জনায়।’

লগতে অমিতাভ বচ্চনে লিখে- ‘হিমাচলপ্ৰদেশ আৰু মানালীৰ ৰাইজে আমাৰ চোৱাচিতা কৰাৰ বাবে ধন্যবাদ…।’ উল্লেখ্য যে, অমিতাভ বচ্চনৰ লগতে হিমাচলপ্ৰদেশত ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভট। তেওঁলোকৰ একেলগে কেইখনমান ফটোও ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি