বাৰ্জিনিয়াৰ চৰকাৰী অট্টালিকাত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণ, নিহত ১২

বাৰ্জিনিয়াৰ চৰকাৰী অট্টালিকাত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণ, নিহত ১২

ডিজিটেল ডেস্কঃ আমেৰিকাৰ বাৰ্জিনিয়া বীচত এগৰাকী নগৰ পালিকা কৰ্মচাৰীয়ে এটা চৰকাৰী অট্টালিকাৰ ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাত ১২ জন লোকৰ মৃত্যু ঘটে। এই ঘটনাত এগৰাকী আৰক্ষী কৰ্মীসহ ৬ জন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, স্থানীয় সময়ানুসৰি শুকুৰবাৰে আবেলি প্ৰায় ৪ বজাত নগৰ পালিকা কৰ্মচাৰীয়ে এটা চৰকাৰী আবাস গৃহত প্ৰৱেশ কৰে। অট্টালিকাটোত প্ৰৱেশ কৰিয়েই লোকজনে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত অট্টালিকাটোৰ ভিতৰত থকা ১২ জন লোক নিহত হয়। আনহাতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ লোকজনৰ আক্ৰমণ প্ৰত্যুত্তৰ দিয়াত এগৰাকী আৰক্ষী কৰ্মী আহত হোৱাৰ বিপৰীতে ঘটনা সংঘটিত কৰা লোকজনো নিহত হয়।

আৰক্ষীয়ে সদৰি কৰা মতে, এতিয়াও অভিযুক্ত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। কি কাৰণত এনেদৰে লোকজনে আক্ৰমণ সংঘটিত কৰিছিল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in