অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছঃ ভিডিঅ’ৰ জৰিয়তে বিচাৰিলে আপোনাৰ দোৱা…

অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছঃ ভিডিঅ’ৰ জৰিয়তে বিচাৰিলে আপোনাৰ দোৱা…

ডিজিটেল ডেস্কঃ অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছ। হাস্পতালৰ বিচনাৰ পৰা এসময়ৰ বিধ্বংসী পেছ বলাৰজনে ক'লে- 'বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে'। বিশ্ব ক্ৰিকেটত এসময়ত ত্ৰাসৰ সৃষ্টি কৰা বিশ্বৰে অন্যতম বেগী বলাৰ ছোৱেইব আখতাৰ হাস্পতালত চিকিৎসাধীন।

দুয়োটা আঁঠুৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ছোৱেইব আখতাৰে হাস্পতালৰ বিচনাৰ পৰাই এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত তেওঁ কৈছে- বহু কষ্টত আছো, আপোনালোকৰ দোৱা লাগে। ইয়াৰ উপৰিও তেওঁ কৈছে- বহুদিনৰ পৰা কষ্টত আছো। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ১১ বছৰ পাছতো কষ্টত আছো। ৪-৫ বছৰ আৰু খেলিব পাৰিলো হয়। কিন্তু তেনে কৰা হ'লে আজি নিশ্চয় হুইলচেয়াৰত বহাৰ অৱস্থা আহি পৰিল হয়।

উল্লেখ্য যে, ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগেৰে বল কৰি খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰা ছোৱেইব আখতাৰে অষ্ট্ৰেলিয়াৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ দুই ভৰিৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সমাপন কৰে। এই অস্ত্ৰোপ্ৰচাৰ প্ৰায় ৫ ৰ পৰা প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল। বহুদিন ধৰি আঁঠুৰ সমস্যাত ভোগি থকা ছোৱেইব আখতাৰে পূৰ্বৰে পৰা তেওঁৰ অনুৰাগীসকলক এই বিষয়ে কৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in