শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

এপ্ৰিলত আহি আছে এটা নতুন ৰাজনৈতিক দল…

13,243

ডিজিটেল ডেস্কঃ শীঘ্ৰেই দেশৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিব এটা নতুন ৰাজনৈতিক দলে। এপ্ৰিলত নতুন ৰাজনৈতিক দল খুলিব দক্ষিণ ভাৰতৰ প্ৰখ্যাত অভিনেতা ৰজনীকান্তই। এপ্ৰিল মাহৰ ১৪ তাৰিখৰ পিছতেই দলটো খোলাৰ সম্ভাৱনা আছে যদিও বৰ্তমান লৈকে থিক হোৱা নাই দলটোৰ নাম।

তামিলনাডুৰ ৰাজনীতিবিদ তামিলাৰুভি মানিয়ানে নতুন দলটোৰ মুখ্য ৰণনীতি নিৰ্মাতা হ’ব বুলি ধাৰণা কৰা হৈছে। অভিনেতা ৰজনীকান্তৰ সৈতে নতুন দল খোলাৰ ক্ষেত্ৰত লগ হোৱাৰ বাবেও ইতিমধ্যে আন বহু দলৰ সৈতে আলোচনা হৈছে। এইক্ষেত্ৰত বিশেষকৈ আলোচনা কৰা হৈছে পিএমকেৰ সৈতে।

বিজেপিৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলা অভিনেতাগৰাকীক এইক্ষেত্ৰত বিজেপিয়েও সহায় কৰাৰ সম্ভাৱনাই প্ৰৱল। ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰাও দেখা গৈছে অভিনেতাগৰাকীক। তেওঁ আইনখন মুছলমানৰ বাবে ভয়ৰ কাৰণ হ’ব নোৱাৰে কিছুদিন পূৰ্বে মন্তব্যও কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি