কাজাখাস্তানৰ প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত ফাইনেলত প্ৰৱেশ অসম সন্তান শিৱ থাপাৰ…

কাজাখাস্তানৰ প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত ফাইনেলত প্ৰৱেশ অসম সন্তান শিৱ থাপাৰ…
  • কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হৈ থকা প্ৰেছিডেন্স কাপ বক্সিং টুৰ্নামেণ্টত ফাইনেলত প্ৰৱেশ কৰিছে অসম সন্তান শিৱ থাপাই।
  • প্ৰতিযোগিতাখনত বক্সিং কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৬৩ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে শিৱ থাপাই।
  • থাপাই শুকুৰবাৰে ছেমিফাইনেলত কিৰ্গিস্তানৰ আৰ্গান কাদিৰিবেকুলুক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে।
  • প্ৰতিযোগিতাখনত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰা শিৱ থাপাৰ এইটো ৬৩ কেজি শাখাৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক।
  • উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত বিগত সময়ছোৱাত সন্তোষজনক প্ৰদৰ্শন অব্যাহত ৰাখিছে বক্সাৰ শিৱ থাপাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in