ছিমলা হ’ব শ্যামলা!

ছিমলা হ’ব শ্যামলা!

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ঐতিহাসিক ৰে'ল ষ্টেচন মোগলচৰাই ষ্টেচনৰ নাম সলনি কৰি নতুন নাম দিয়া হৈছিল দীনদয়াল উপাধ্যায় ষ্টেচন। কিছুদিনৰ পূৰ্বে এলাহাবাদ চহৰৰ নতুন নাম হ'ল প্ৰয়াগৰাজ। তাৰপিছতে দেশৰ অন্যতম পৰ্যটন নগৰী ছিমলাৰো হ'ব পাৰে নতুন নাম।

ইতিমধ্য এই ক্ষেত্ৰত বিজেপি শাসিত হিমাচল প্ৰদেশ চৰকাৰেও চিন্তা-চৰ্চা আৰম্ভ কৰিছে। ছিমলাৰ নতুন নাম হ'ব শ্যামলা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এইক্ষেত্ৰত মন্তব্য কৰিছে যে, 'বিট্ৰিছ শাসনৰ পূৰ্বে ছিমলাৰ নাম আছিল শ্যামলা। সেইহেতুকে ছিমলাৰ নাম পৰিৰ্ৱতনৰ কথা ভৱা হৈছে। এই ক্ষেত্ৰত শেষ সিন্ধান্ত ল'ব ৰাজ্যৰ জণসাধাৰণে।'

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- যদি জনসাধাৰণ এইক্ষেত্ৰত চৰকাৰৰ সৈতে একমত হয় তেন্তে অতি সোনকালেই ছিমলাৰ নাম পৰিৰ্ৱতন কৰা হ'ব। উল্লেখ্য যে, এলাহাবাদৰ নাম পৰিৰ্ৱতনৰ সময়তেই ছিমলাৰ নাম সলনি কৰা যো-জা চলিছিল। এইক্ষেত্ৰত হিমাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী বিপিন পাৰ্মাৰে মন্তব্য কৰিছে যে- ৰাজধানী চহৰখনৰ নাম পৰিৰ্ৱতন কৰিলে কোনোধৰণৰ সমস্যাৰ উদ্ভৱ নহয়। আনহাতে বিশ্ব হিন্দু পৰিষদেও নাম পৰিৱৰ্তনৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে।

বিশ্ব হিন্দু পৰিষদৰ মতে- 'বিট্ৰিছ সকলে শ্যামলা শব্দ উচ্চাৰণত অসুবিধা পাইছিল বাবেই চহৰখনৰ নাম ৰাখিছিল ছিমলা। বিট্ৰিছ শাসনৰ সমস্ত চিন মচি পেলোৱাৰ বাবে এতিয়া ছিমলাৰ নাম পুনৰ শ্যামলা কৰিবলৈ দাবী কৰিছে বিশ্ব হিন্দু পৰিষদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in