আমাৰ সকলো থকাৰ পাছত তুমি কিয় এনে কৰিলাঃ শিল্পা চেট্টী

আমাৰ সকলো থকাৰ পাছত তুমি কিয় এনে কৰিলাঃ  শিল্পা চেট্টী

 ডি়জিটেল ডেস্কঃ  বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী  ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰৰ পাছত যথেষ্ট প্ৰশ্নৰ সন্মুখীন হৈছিল অভিনেত্ৰী শিল্পা চেট্টী। মুম্বাই আৰক্ষীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ সন্দৰ্ভত তদন্তৰ বাবে ৰাজ কুন্দ্ৰাৰ লগত  ঘৰত উপস্থিত হোৱাৰ সময়তে  শিল্পা চেট্টী সকলোৰে সন্মুখত মুখামুখি হৈছিল স্বামীৰ সৈতে। তেওঁ এটা স্পষ্ট প্ৰশ্ন সুধিছিল ৰাজ কুন্দ্ৰাক  আমাৰ ওচৰত সকলো আছিল, এই সকলোবোৰ কিয় কৰিব লগা হ'ল? দলটোৱে সমগ্ৰ বাসগৃহটো তালাচী চলাইছিল আৰু শিল্পা চেট্টীৰ বক্তব্যও লিপিবদ্ধ কৰিছিল৷

চলচ্চিত্ৰ কেলেংকাৰীত স্বামীৰ সৈতে নাম সঙোৰ খোৱা   শিল্পাই তেওঁৰ স্বামীক সন্মুখত দেখি দুখত ভাঙি পৰিছিল আৰু শিল্পাই ৰাজ কুন্দ্ৰাক বাৰে বাৰে সুধিছিল, "আমাৰ ওপৰৰ সকলোবোৰ আছে, এই সকলোবোৰ কৰিব লগা হোৱাৰ কি প্ৰয়োজন আছিল? এই কাৰ্যৰ বাবে  পৰিয়ালটোৰ  মান মৰ্যদা  লাঘব হোৱাৰ বাবেও কান্দি উঠিছিল অভিনেত্ৰী গৰাকী।

গোচৰটোৰ তদন্ত সন্দৰ্ভত মুম্বাইত শিল্পা চেট্টীৰ ভূমিকাৰ বিষয়েও তদন্ত অব্যাহত আছে।  শিল্পা চেট্টীক এতিয়ালৈকে তেওঁৰ ঘৰত দুবাৰকৈ সোধা-পোছা কৰা হৈছে কিন্তু এতিয়ালৈকে শিল্পা চেট্টীৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা  নাই তদন্তকাৰী দলটোৱে। এই পৰ্যন্ত এইটোও স্পষ্ট নহয় যে স্বামী অপৰাধত জড়িত থকাৰ বিষয়ে অভিনেত্ৰী গৰাকী অবগত আছিল নাই। আৰক্ষীসূত্ৰৰ মতে, এই ঘটনাত  এতিয়ালৈকে শিল্পা চেট্টীৰ কোনো সক্ৰিয় ভূমিকা পোৱা নাই। কোনো ইলেক্ট্ৰনিক প্ৰমাণ নাই, কোনো বিত্তীয় প্ৰমাণ নাই, আপলোড কৰা এপ্পৰ ৰেকেটৰ সৈতে শিল্পাৰ বৰ্তমানলৈকে কোনো সম্পৰ্কৰ প্ৰমান পোৱা নাই তদন্তকাৰী দলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in