বিধ্বস্ত শ্বিলঙৰ পথক লৈ অতিষ্ঠ কাৰ্বি আংলং- ডিমা হাছাওবাসী…

বিধ্বস্ত শ্বিলঙৰ পথক লৈ অতিষ্ঠ কাৰ্বি আংলং- ডিমা হাছাওবাসী…

ডিজিটেল সংবাদ, ৰহাঃ কি কংগ্ৰেছ, কি বিজেপি ! চৰকাৰ সলনি হ'ল, কিন্তু সললনি নহ'ল লংকা-খেৰণি-উমৰাংছু-হাফলং সংযোগী তথা শ্বিলং পথৰ বিধ্বস্ত ছবি। বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে কাৰ্বি আংলং-ডিমা হাছাওবাসীক। উত্তৰ পূব পৰিষদৰ অধিনৰ লংকা-খেৰণি-উমৰাংছু-হাফলং সংযোগী পথছোৱাই সৰ্বত্ৰে এতিয়া অতিষ্ঠ কৰি তুলিছে বৃহত্তৰ দুই পাহাৰীয়া জিলাবাসীৰ লগতে জিলা দুখনত থকা ছাত্ৰ ছাত্রী আৰু সাধাৰণ পথচাৰীক।

সম্প্ৰতি সূদীর্ঘ বছৰ ধৰি মেৰামতিৰ অভাৱত গোটেই পথটোতে সৃষ্টি হৈছে পুখুৰীসদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, ফলত এজাক বৰষুনতে বৃহৎ বৃহৎ আকাৰৰ পুখুৰীত পৰিনত হয় লংকাৰ পৰা খেৰণি-উমৰাংছ'-হাফলঙলৈ বুলি যোৱা পথছোৱাৰ বিভিন্ন স্থানত৷ সঁচাকৈ এক পুতৌজনক বিষয় এই পথৰে গাড়ী মটৰ চলাচল কৰাটো দূৰৰে কথা চাইকেল চলাই অথবা খোজ কাঢ়ি যোৱাৰো যোগ্য নহয়৷

মুঠতে সৰ্বত্ৰে-সৰ্বদিশে কেৱল কাৰ্বি আংলং-ডিমা হাছাওৰ ৰাইজে এশ এবুৰি সমস্যাৰে দূৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা, বঙালী যুৱ ছাত্ৰ সংস্থা আৰু সদৌ ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত পথ মেৰামতিৰ দাবী তুলি প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আনকি প্ৰতিবাদ কৰিবলৈ শ্রেণী কোঠা এৰি ৰাজপথলৈ ওলাই আহিছে অতিষ্ঠ আৰু ক্ষোভিত হোৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই। সমান্তৰালকৈ দাবী সফল কৰিবলৈ উলাই আহিছে বৃহত্তৰ অঞ্চলৰ স্থানীয় জনতাও।

উল্লেখ্য যে ইপিনে কেৱল ১২-১৫ টন বহন ক্ষমতা থকা উক্ত পথটোৰে নিতৌ শ শ বাহনে অতিৰিক্ত বোজা কঢ়িয়াই সম্পূৰ্ণ পথটোকেই সম্প্ৰতি বিধ্বস্ত কৰি আহিছে বুলিও পথক লৈ জীয়াতু ভোগা ৰাইজে অভিযোগ উত্থাপিত কৰিছে, পথৰ দুৰৱস্থাৰ ফলত অভাৱনীয় দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ নেতাৰ লগতে স্থানীয় জনতাই।

এনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিত হোৱা ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে ইয়াতকৈ অধিক তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ পূর্বেই এই পথ মেৰামতি কৰাৰ দাবী তুলিছে। আনহাতে পথ মেৰামতিৰ দাবীৰ লগতে অধিক আৰু অতিৰিক্ত পৰিমাণত সামগ্ৰী কঢ়িওৱা বাহনৰ বিৰুদ্ধেও অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in