গাড়ী চালক শ্বেখাৱটৰ হত্যাৰ ন্যায় বিচাৰি বিৰুবাৰী থানাৰ সন্মুখত প্ৰতিবাদ

গাড়ী চালক শ্বেখাৱটৰ হত্যাৰ ন্যায় বিচাৰি বিৰুবাৰী থানাৰ সন্মুখত প্ৰতিবাদ
  • গুৱাহাটীৰ বিৰুবাৰীত উত্তপ্ত পৰিস্থিতি।
  • বিৰুবাৰী আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ।
  • শ্বেখাৱট আলীৰ হত্যাৰ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ।
  • গাড়ী চালক আছিল শ্বেখাৱট আলী।
  • গাড়ী চুৰি চক্ৰই হত্যা কৰিছিল চালকজনক।
  • ২০১৭ৰ ১৫ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই কাণ্ড।
  • এবছৰলৈকে আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰিলে কোনো দোষীক।
  • ইয়াৰ পাছতেই এইদৰে থানা ঘেৰাও কৰিবলৈ ওলাই আহিল ৰাইজ।
  • বিৰুবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ।
  • ২০১৭ৰ ১৭ ছেপ্টেম্বৰত উদ্ধাৰ হৈছিল এই গাড়ীচালকজনৰ মৃতদেহ।
  • নেলী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত উদ্ধাৰ হৈছিল চালকজনৰ মৃতদেহ।
  • বান্দৰদোৱাত উদ্ধাৰ হৈছিল শ্বেখাৱতে চলাই যোৱা গাড়ীখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in