পূৰ্ব পৰিকল্পিত এক নাটকীয় সাক্ষাৎকাৰ দিছিল নৰেন্দ্ৰ মোদীয়েঃ বিজেপি সাংসদ

পূৰ্ব পৰিকল্পিত এক নাটকীয় সাক্ষাৎকাৰ দিছিল নৰেন্দ্ৰ মোদীয়েঃ বিজেপি সাংসদ

ডিজিটেল ডেস্কঃ পহিলা জানুৱাৰীৰ দিনা নৰেন্দ্ৰ মোদীয়ে সংবাদ সংস্থা এ এন আই প্ৰদান কৰা আচুতীয়া সাক্ষাৎকাৰৰ পিছতে মোদীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছৰ লগতে অন্য বিৰোধী নেতাসকল। কিন্তু এইবাৰ মোদীৰ সাক্ষাৎকাৰ এক পূৰ্ব সুপৰিকল্পিত নাটক বুলি আখ্যা দিছে বিজেপিৰে সাংসদ শত্ৰুঘ্ন সিন্হাই। নৰেন্দ্ৰ মোদীয়ে ৰবীশ কুমাৰৰ দৰে জ্যেষ্ঠ সাংবাদিকৰ মুখামুখী হ'বলৈ ভয় কৰে বুলি দাবী কৰি বিজেপিৰ সাংসদ গৰাকীয়ে 'সবকা চাথ, সবকা বিকাশ'ৰ দিনত কিয় সকলোৱে বিজেপি ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে ।

টুইটত বিজেপি সাংসদগৰাকীয়ে মোদীক কটাক্ষ কৰি লিখে যে মোদীয়ে পহিলা জানুৱাৰীত এটা পূৰ্ব পৰিকল্পিত, স্ক্ৰীপ্টেড সাক্ষাৎকাৰ প্ৰদান কৰিছিল। মোদীয়ে এই সাক্ষাৎকাৰৰ পূৰ্বে প্ৰদান কৰা প্ৰশ্নবোৰেই সাক্ষাৎগ্ৰহণকাৰী সাংবাদিক স্মিতা প্ৰকাশে সুধিছিল বুলি দাবী কৰি শত্ৰুঘ্ন সিন্হাই কয় যে মোদীয়ে স্ক্ৰীপ্ট অবিহনে সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ ভয় কৰে।

'পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকালত সংবাদমেল সম্বোধন কৰিছিল। কিন্তু আপুনি বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত এবাৰলৈও সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই। যদি পাৰে এজন সৎ আৰু নিষ্ঠাবান সাংবাদিকৰ সমুখত বহি তেওঁৰ প্ৰশ্নৰ উত্তৰ দি যাওক।' -টুইটত বিজেপি সাংসদগৰাকীয়ে এনেদৰে কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। লগতে সিদিনাৰ সাক্ষাৎকাৰত দেখা মোদীৰ শান্তশিষ্ট ভাৱমূৰ্তি বিশ্বাস কৰিবলৈও টান বুলি মন্তব্য কৰে শত্ৰুঘ্ন সিন্হাই।

উল্লেখ্য যে, বিগত সময়ছোৱাত বিজেপি সাংসদ শত্ৰুঘ্ন সিন্হাই কেইবাৰো মোদীক আক্ৰমণ কৰি আহিছে। বিমুদ্ৰাকৰণৰ পৰা আদি কৰি জি এছ টিলৈ বিভিন্ন ক্ষেত্ৰত তেওঁ মোদীৰ বিৰোধিতা কৰি ইয়ে দেশত কু প্ৰভাৱ পেলাব বুলি দাবী কৰি আহিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in