নিৰ্বাচনৰ ফলাফলে জানো ইমান শক্তি দিয়ে যে কাৰোবাক হত্যাও কৰিব পাৰি, ময়ো হিন্দু, কিন্তু এনে নহয়ঃ শশী থৰুৰ

নিৰ্বাচনৰ ফলাফলে জানো ইমান শক্তি দিয়ে যে কাৰোবাক হত্যাও কৰিব পাৰি, ময়ো হিন্দু, কিন্তু এনে নহয়ঃ শশী থৰুৰ

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ সাংসদ শশী থৰুৰ। দেওবাৰে এক অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ ৬ বছৰীয়া কাৰ্যকালত ক্ষমতাৰ স্বাৰ্থত সাধাৰণ জনতাক শোষণ কৰি অহা বুলি অভিযোগ কৰে। মোডী চৰকাৰত উন্নয়নৰ কথা যিমানেই নকওক তথাপি প্ৰকৃত ছবিখনে উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই আহিছে বুলি মন্তব্য কৰে শশী থৰুৰে।

অনুষ্ঠানত তেওঁ কয়, 'আমি বিগত ৬ বছৰত কি দেখিছো? পুনেৰ কথাই কওঁক, য'ত মহছিন শ্বেখক হত্যা কৰা হ'ল। তাৰ পিছত গো মাংস লগত নিয়াৰ অভিযোগত নিৰ্মমভাৱে হত্যা কৰা হ'ল মহম্মদ আকলাখক। কিন্তু পিছত গম পোৱা গ'ল তেওঁ লগত গো মাংস নিয়াই নাছিল। আৰু গো মাংস থাকিলেই যেনিবা হত্যাৰ অধিকাৰ দিলে কোনে? কাৰ বলত এনে দুষ্কাৰ্য্য সংঘটিত কৰি আহিছে একাংশই?'

আনহাতে ৰাজস্থানৰ পহলু খান নামৰ যুৱকজনৰ হত্যাৰ কথাও উল্লেখ কৰি শশী থৰুৰে তাৰ বাবে বিজেপিক জগৰীয়া কৰে। গো মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকাৰ পিছত ধৰ্মীয় গোড়ামী প্ৰদৰ্শণ কৰি পহলু খানক মৰিয়াই হত্যা কৰা বুলি দাবী কৰে শশী থৰুৰে। 'এটা নিৰ্বাচনৰ ফলাফলে জানো কাৰোবাক ইমান শক্তি দিয়ে যে যিকোনো কাম কৰিব পাৰি বা মানুহক হত্যাও কৰিব পাৰি?' -এই প্ৰশ্ন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

শশী থৰুৰে পুনৰ কয়, 'এয়াই আমাৰ ভাৰতবৰ্ষ নেকি? এয়াই আমাৰ হিন্দু ধৰ্ম নেকি? ময়ো হিন্দু, কিন্তু এনেদৰে মই কাকো হত্যা কৰিব নোৱাৰো। মই এনে নহয়। এনে লোকে যেতিয়া কাৰোবাক প্ৰহাৰ কৰে, তেতিয়া 'জয় শ্ৰীৰাম' ধ্বনি দিবলৈ কয়। এয়া হিন্দু ধৰ্মৰ অপমান। যিদৰে জয় শ্ৰীৰাম ধ্বনি দি মানুহক হত্যা কৰা হৈছে, সেয়া ভগৱান ৰামচন্দ্ৰৰো অপমান।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in