আইপিএলৰ পৰা অৱসৰ ল’লে শ্বেন ৱাটচনে…

আইপিএলৰ পৰা অৱসৰ ল’লে শ্বেন ৱাটচনে…

ডিজিটেল ডেস্ক : আইপিএলৰ ১৩ সংখ্যক চিজনত চেন্নাই চুপাৰ কিংছৰ প্ৰভাৱশালী বেটছমেন শ্বেন ৱাটচনে অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰে । ২০১৮ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীয়ে এতিয়া আইপিএলৰ পৰা অবসৰ গ্ৰহণ কৰিব । লীগ অন্তিম খন খেলত বেটচমেন গৰাকীয়ে কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে হোৱা খেল খনত জয়ী হোৱাৰ পিছতে চেন্নাই চুপাৰ কিংছৰ কতৃপক্ষক এই কথা জনাই ।


ফ্ৰেঞ্চাইজী ক্ৰিকেট আৰু চেন্নাই চুপাৰ কিংছৰ পৰা অৱসৰ গ্ৰহণ কৰা বাবে হতাশ হৈ পৰিছে অনুৰাগী সকল । ৩৯ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে অষ্ট্ৰেলিয়াৰ হৈ ৫৮ খন টেষ্ট.১৯০ খন এদিনীয়া আৰু ৫৮ খন টি-২০ ত অংশ গ্ৰহণ কৰে । চেন্নাই হৈ ক্ৰিকেটাৰ জনে ৪৩ খন খেলত অংশগ্ৰহণ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in