দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…

দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…

ডিজিটেল ডেস্কঃ উত্তৰ পূব দিল্লীৰ বিভিন্ন অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ৰাজপথত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰা শ্বাহৰুখ নামৰ যুৱকজন এতিয়াও পলাতক হৈ আছে। দিল্লী আৰক্ষীৰ এক সূত্ৰই শুকুৰবাৰে সদৰী কৰিছে এই কথা। ইয়াৰ পূৰ্বে শ্বাহৰুখক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ হৈছিল যদিও আৰক্ষীয়ে এতিয়াও অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাজপথত হাতত বন্দুক লৈ সন্ত্ৰাস চলোৱা শ্বাহৰুখ নামৰ যুৱকজনৰ আলোকচিত্ৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আৰক্ষীয়ে সদৰী কৰি মতে, শ্বাহৰুখে ৮ জাঁই গুলী চলাইছিল। আনহাতে জানিব পৰা মতে, ২৭ বৰ্ষীয় এই যুৱকজন চীলমপুৰৰ চৌহান বাগড়ৰ নিৱাসী। এই যুৱকজনৰ বিৰুদ্ধে কোনো অপৰাধজনিত গোচৰ ৰুজু হৈ নাই যদিও শ্বাহৰুখৰ পিতৃৰ বিৰুদ্ধে এটা ড্ৰাগ সৰবৰাহৰ গোচৰ চলি আছে বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। বৰ্তমান তেওঁ জামিনত মুক্তি লাভ কৰি আছে।

প্ৰণিধানযোগ্য যে, উত্তৰ পূব দিল্লীৰ মৌজপুৰ, গোকুলপুৰীকে ধৰি কেইবাটাও অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাত ইতিমধ্যে ৩৯ জন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হৈছে। শুকুৰবাৰে পৰিস্থিতি কিছু সাধাৰণ হোৱাত হিংসাজৰ্জৰ অঞ্চলসমূহত সান্ধ্য আইন পুৱা ৪ বজাৰ পৰা ১০ বজালৈ আৰু সন্ধিয়া ৪ বজাৰ পৰা ৮ বজালৈ শিথিল কৰি দিয়া হৈছে।

ইফালে দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিগত ৩৬ ঘণ্টা ধৰি কোনো আৰক্ষী থানাত কোনো গোচৰ ৰুজু হোৱা নাই। আৰক্ষীয়ে এতিয়ালৈকে ৪৮ খন এজাহাৰ দাখিল কৰিছে। আনহাতে আৰক্ষীয়ে ৫১৪ জন সন্দেহজনক লোকক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in