আহি আছে ‘মিষ্টাৰ ইণ্ডিয়া-২ঃ ‘মোগেম্বো’ৰ চৰিত্ৰত অভিনয় কৰিব কোনে…

আহি আছে ‘মিষ্টাৰ ইণ্ডিয়া-২ঃ ‘মোগেম্বো’ৰ চৰিত্ৰত অভিনয় কৰিব কোনে…

ডিজিটেল ডেস্কঃ আহি আছে জনপ্ৰিয় হিন্দী ছবি 'মিষ্টাৰ ইণ্ডিয়া'ৰ ৰি'মেক। এসময়ৰ ছুপাৰহিট এই ছবিখনত নায়কৰ চৰিত্ৰত অভিনয়ৰ কৰা অনিল কাপুৰতকৈ দৰ্শকে আদৰি লৈছিল ছবিখনৰ খলনায়ক চৰিত্ৰটোহে। 'মিষ্টাৰ ইণ্ডিয়া' ছবিখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত অভিনেতা অমৰেশ পুৰীয়ে। ছবিখনৰ অমৰেশ পুৰীৰ মুখৰ 'মোগেম্বো খুচ হোৱা' সংলাপটি আজিও সকলোৰে মুখে মুখে। কমেডি আৰু যাদুবিদ্যাৰ সংমিশ্ৰনেৰে নিৰ্মাণ কৰা এই জনপ্ৰিয় ছবিখনৰ ৰি'মেক পুনৰ নিৰ্মাণ হ'ব।

নতুনকৈ নিৰ্মাণ হ'বলগীয়া ছবি 'মিষ্টাৰ ইণ্ডিয়া-২'ত অনিল কাপুৰৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ সিঙে। ছবিখনৰ নায়িকাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও খলনায়ক তথা অমৰেশ পুৰীৰ চৰিত্ৰত বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানে অভিনয় কৰিব বুলি চৰ্চা হৈছে। সকলো ঠিকে ঠাকে থাকিলে ৰণবীৰ আৰু শ্বাহৰুখক একেলগে ছবিখনত দেখা যাব বুলি পৰিচালক আলী আব্বাছ জাফৰে ঘোষণা কৰিছে। উল্লেখ্য যে, বণি কাপুৰে ১৯৮৭ নিৰ্মাণ কৰা 'মিষ্টাৰ ইণ্ডিয়া' ছবিখনত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in