শ্বাহীন বাগত পৰাজয়ৰ দিশে বিজেপি…

শ্বাহীন বাগত পৰাজয়ৰ দিশে বিজেপি…

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ আছিল শ্বাহীন বাগ বিধানসভা সমষ্টিটোৰ ওপৰত। 'কা' বিৰোধী প্ৰতিবাদৰ লগতে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ বাবে শ্বাহীন বাগ ৰাজনৈতিক ইছ্যু হৈ পৰা পৰিলক্ষিত হৈছিল। বিশেষকৈ শ্বাহীন বাগত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে কেন্দ্ৰীয় বিজেপি চৰকাৰে এই সমষ্টিটোক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছিল।

দিল্লী বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হোৱা শ্বাহীন বাগ সমষ্টিৰ পৰা আম আদমী পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অমানতুল্লাহ খানক। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ব্ৰহম সিং আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে পৰভেজ হাছমী। সমষ্টিটোত ১২.৩০ বজালৈকে সম্পন্ন হোৱা ভোট গণনাত বিজেপি প্ৰাৰ্থীগৰাকীতকৈ প্ৰায় ৫ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অমানতুল্লাহ খান।

সমষ্টিটোত বৰ্তমানলৈকে আম আদমী পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১২,৮৯৩টা ভোট। তাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ব্ৰহম সিঙে লাভ কৰিছে ৭,১৯০টা ভোট। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী পৰভেজ হাছমীয়ে সমষ্টিটোত লাভ কৰিছে ৮৩৩টা ভোট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in