বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰত দুই বিমান সেৱিকাক শ্লীলতাহানিৰ অভিযোগত এজন ২৩ বৰ্ষীয় যুৱকক আটক কৰা হৈছে৷ জানিব পৰা মতে, মুম্বাই-বাংগালুৰু ইণ্ডিগ' এয়াৰৱেজৰ এখন বিমানত দুই বিমান সেৱিকাক অশ্লীল ইংগিত দিয়ে ৰাজু গাংগাপ্পা নামৰ যুৱকজনে৷

ইয়াৰ পিছতে বিমান সেৱিকা দুগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত মুম্বাই বিমান বন্দৰত অভিযুক্ত ৰাজু গাংগাপ্পাক আটক কৰে আৰক্ষীয়ে৷

আনহাতে আৰক্ষীয়ে সদৰী কৰা মতে, মঙলবাৰে অভিযুক্তই বিমান যাত্ৰা কৰা সময়ত নিচাগ্ৰস্থ অৱস্থাত আছিল৷ অভিযুক্ত ৰাজাু গাংগাপ্পা নামৰ যুৱকজনে বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত দিয়াৰ লগতে শাৰিৰীকভাৱে অপদস্থও কৰা বুলিও অভিযোগ উত্থাপন কৰে বিমানসেৱিকা দুগৰাকীয়ে৷

পিছত বিমান পৰিচালকৰ সহযোগত বিমান সেৱিকা দুগৰাকীয়ে মুম্বাই বিমান বন্দৰৰ সমীপৰ এখন আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত আৰক্ষীয়ে যুৱকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in