এজাক ধুমুহাই নগাঁৱত ক্ষতি কৰিলে ২ হাজৰৰো অধিক বাসগৃহ…

এজাক ধুমুহাই নগাঁৱত ক্ষতি কৰিলে ২ হাজৰৰো অধিক বাসগৃহ…

ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাত চ'তৰ ধুমুহা-বৰষুণৰ ফলত ব্যাপক ক্ষতি সাধন হয় ৷ শণিবাৰে সন্ধিয়া ভাগত অহা এজাক ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২ হাজাৰ আবাসগৃহৰ ক্ষতি সাধন হয় ৷ ইয়াৰে ১৪০৮ টা কেচা ঘৰ আংশিক ক্ষতি হোৱাৰ বিপৰীতে ৫২৩ টা ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷

ইয়াৰ বাহিৰেও ৬৯ টা পকা ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাজাকে। জানিব পৰা মতে এই ১৩০ খন গাঁও ধুমুহা, বৰষুণৰ কবলত পৰে ৷ লগতে ১২ খনকৈ বিদ্যালয়োৰ ক্ষতি সাধন কৰে ধুমুহাজাকে ৷ শণিবাৰৰ ধুমুহাৰ ফলত নগাঁও জিলাৰ ১৩০ খন গাঁৱৰ ৫ হাজাৰৰো অধিক লোকৰ গৃহৰ টিন পাত উৰুৱাই নিয়ে ৷

প্ৰায় ১৫ হাজাৰ লোক ক্ষতি গ্ৰস্থ হয় ৷ এই সময়চোৱাত এটি শিশু গুৰুতৰ ভাবে আহত হয় ৷ গেৰুৱা আটিৰ ৫ বছৰীয়া শিশুটিৰ নাম হৈছে আমিৰ হামজে ৷ সংকটজনক অৱস্হাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসা প্ৰদান কৰি থকা হৈছে আমিৰ হামজেক ৷ বহু স্থানত গছ বাগৰি পৰাৰ ফলত বিদ্যুত পৰিবাহী তাৰঁ চিগি যোৱাত জিলাখনৰ বিভিন্ন স্থান দেওঁবাৰ পৰ্যন্ত অন্ধকাৰত ডুব গৈ আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in