বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি…

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি…

ডিজিটেল সংবাদ, চেঙাঃ শুকুৰবাৰে ৫ জুন ৷ সমগ্ৰ বিশ্বতে পালন কৰা হ'ব বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত নাৰ্চাৰীসমূত গছপুলি বিক্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ীস্থিত ইউনিক নাৰ্চাৰীত গছপুলি বিচাৰি বৃহস্পতিবাৰৰ পুৱাৰে পৰা ভিৰ কৰা দেখা গৈছে গ্ৰাহকক ৷

নাৰ্চাৰীৰ স্বত্বাধিকাৰী ফৰজান আলীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰৰ দিনটোতে কেইবাহেজাৰ টকাৰ গছপুলি বিক্ৰী হয় ৷ বৃহস্পতিবাৰে নাৰ্চাৰীত সাধাৰণ গ্ৰাহকৰ বিপৰীতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বাধিক গছপুলি ক্ৰয় কৰা বুলি সদৰি কৰে ৷ স্বত্ত্বাধিকাৰীজনে এইবুলিও কয় যে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত পূৰ্বৰ তুলনাত এইবেলি গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷

বিশেষকৈ দেবদাৰু, নিম, আমলখি, শিলিখা, লিচু , অগৰু আদি বিচাৰি পুৱাৰে পৰা নাৰ্চাৰীলৈ আহিছে অসংখ্য যুৱক-যুৱতী ৷ অন্যহাতে যি সময়ত দিহিং পাটকাই বনাঞ্চল ধ্বংস কৰি কয়লাৰ মুক্ত খনন অব্যাহত ৰাখিছে ঠিক এই সময়তে নাৰ্চাৰীৰ ব্যৱসায়ীৰে বৰক্ষেত্ৰীত ব্যাপক চৰ্চা লাভ কৰা ফৰজান আলীয়ে দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত বামুনবড়ীৰ হাজো-দৌলাশাল গড়কপ্তানি পথৰ দাঁতিতেই চলিত বৰ্ষৰ মাৰ্চ মাহত স্থাপন কৰিছিল নাৰ্চাৰীখন ৷

তেতিয়াৰ পৰা ৪জুনৰ দিনটোতে সৰ্বাধিক টকাৰ গছপুলি বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী ফৰজান আলীয়ে ৷ লক্ষণীয় যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে অসমবাসী ৰাইজক গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ দিশত আগভাগ ল'বলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in