প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত ওৰাঙৰ চুতীয়া পাৰাৰ কেইবাটাও পৰিয়াল…

প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত ওৰাঙৰ চুতীয়া পাৰাৰ কেইবাটাও পৰিয়াল…

ডিজিটেল সংবাদ,ওৰাং : সোমবাৰে সন্ধিয়া অহা প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত ওৰাঙৰ কেইবাটাও পৰিয়াল। ওৰাঙৰ চুতীয়া পাৰাত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হ'য় বিপুল ডেকা নামৰ এজন লোক হস্ততাঁত বস্ত্ৰ শিল্পৰ গ্ৰাম্য উদ্যোগৰ।

কেইবালাখ টকা ব্যায় কৰি বিপুল ডেকা আৰু তেওঁৰ পত্নী ৰূপা ডেকাই অতি কষ্টৰে গাঁৱখনত গড় দিছিল হস্ততাঁত শিল্পৰ ক্ষুদ্ৰ উদ্যোগৰ। বৃহত্তৰ ওৰাং অঞ্চলটোৰ ভিতৰতে একমাত্ৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ উদ্যোগ হিচাপে গড় লৈছিল বিপুল ডেকা আৰু ৰূপা ডেকাৰ অত্যাধুনিক প্ৰযুক্তিৰ তাঁতশালৰ উদ্যোগটোৱে। ক্ষুদ্ৰ গ্ৰাম্য উদ্যোগটোত আছিল ১২ খন অত্যাধুনিক প্ৰযুক্তিৰ তাঁতশাল।

প্ৰতিখন তাঁতশালতে আছিল অৰ্ডাৰ লাভ কৰা মুগা কাপোৰ আৰু পাতৰ কাপোৰৰ লগতে বহু মূল্যবান বস্ত্ৰ। সোমবাৰে সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই তচনচ্ কৰি নিমিষতে নষ্ট কৰিলে সকলো। দুৰ্ভাগ্যজনক ভাবে লোক জনৰ কেইবাটাও বাসগৃহ ভাঙি পলকতে তচনচ্ কৰি গল হৎঠাতে অহা প্ৰচণ্ড ধুমুহা-বতাহ জাকে। উল্লেখযোগ্য যে পৰিয়ালটোৱে বিগত বৰ্ষত পাচনৈৰ নদীৰ কালৰূপী গৰাখহনীয়াত হেৰুৱাইছিল ঘৰৰ মাটি বাৰীৰ লগতে ঘৰৰ বহা ভেটিও।

গৰাখহনীয়াত সৰ্বচান্ত হৈ কোনো মতে অত্যাধুনিক প্ৰযুক্তিৰ তাঁতশালৰ উদ্যোগটোৰে কিছু সকাহ লাভ কৰিবলৈ সক্ষম হৈছিল হে পৰিয়ালটোৱে। তেনে সময়তে পুনৰ এবাৰ ভোটৰ ওপৰত দানৱ পৰা দি দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিগ্ৰস্ত কৰিলে হঠাৎতে অহা প্ৰচণ্ড ধুমুহাই।

সোমবাৰে সন্ধিয়া হঠাৎ অহা ধুমুহা-বতাহে ওৰাঙৰ চুতীয়া পাৰা গাঁৱকে আদিকৰি ওৰাঙৰ বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত অঞ্চলটোৰ বহু বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ বিপৰীতে বহু কেইটা বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰি বিস্তৰ ক্ষতি সাধন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in