মোডী মন্ত্ৰীসভাৰ কোন ৭ জন প্ৰভাৱশালী মন্ত্ৰীৰ আজি হ’ব ভাগ্য নিৰ্ণয়, পঢ়ক সবিশেষ…

মোডী মন্ত্ৰীসভাৰ কোন ৭ জন প্ৰভাৱশালী মন্ত্ৰীৰ আজি হ’ব ভাগ্য নিৰ্ণয়, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১২৭৯ জন প্ৰাৰ্থীয়ে। বৰ্তমানৰ মোডী চৰকাৰৰ ৭ মন্ত্ৰী আৰু ৪৪ বিধায়কৰ ভাগ্য বৃহস্পতিবাৰে বন্দী হ'ব ই ভি এমত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত কোন ৭ জন প্ৰভাৱশালী মন্ত্ৰীৰ ভাগ্য বৃহস্পতিবাৰে নিৰ্ণয় হ'ব জানো আহক-

১. গাজিয়াবাদঃ মোডী চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰীৰ দায়িত্বত থকা মন্ত্ৰী বি কে সিঙ ২০১৪ চনত জয়লাভ কৰিছিল উত্তৰ প্ৰদেশৰ গাজিয়াবাদ সমষ্টিৰ পৰা। ২০১৪ চনত ৫.৭ লাখ ভোটত জয়ী হৈছিল। কিন্তু এইবাৰৰ যুঁজ সিঙৰ কাৰণে সহজ নহ'ব। কিয়নো এইবাৰ সিঙৰ বিৰদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে এছ পি- বি এছ পিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বসল আৰু কংগ্ৰেছ প্ৰাৰ্থী ডলী শৰ্মা।

২. গৌতমবুদ্ধ নগৰ– মোডী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী মহেশ শৰ্মাৰ ভাগ্য নিৰ্ণয় কৰিব এই সমষ্টিটোৱে। শৰ্মাৰ বিৰুদ্ধে এই সমষ্টিটোত কংগ্ৰেছৰ অৰবিন্দ সিং আৰু এছ পি, বি এছ পি মিত্ৰজোটৰ প্ৰাৰ্থী সতবীৰ। এই সংসদীয় সমষ্টিটোত দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

৩. বাগপট– মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সত্যপাল সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে উত্তৰ প্ৰদেশৰ বাগপটৰ পৰা। বৰ্তমান সাংসদ মালিকৰ বিৰুদ্ধে আছে এছ পি- বিএছপি মিত্ৰঁজোটৰ প্ৰাৰ্থী জয়ন্ত সিং।

৪. নাগপুৰ– মোডী মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰতিদ্বন্দ্বিতাৱ কৰিছে নাগপুৰৰ পৰা। ২০১৪ চনত এই সমষ্টিটোৰ পৰা গাডকাৰী প্ৰায় ২.৫ লাখ ভোটত জয়ী হৈছিল। গাডকাৰী মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নানা পেটেল।

৫. চন্দ্ৰপুৰ– মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ পৰা বিজেপিৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে মোডী চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী হংসৰাজ অহীৰ। কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ ধানোৰকৰ সৈতে মুল যুঁজখন হ'বলগা হংসৰাজে ২০১৪ চনত ২.৩৬ লাখ ভোটত জয়ী হৈছিল।

৬. অৰুণাচল পশ্চিম– মোডী চৰকাৰৰ গৃহৰাজ্য মন্ত্ৰীৰ দায়িত্বত থকা কিৰেণ ৰিজিজুয়ে বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে এই সমষ্টিটোৰ পৰা। ২০১৪ৰ নিৰ্বাচনত ১৪ হাজাৰৰো অধিক ভোটক কংগ্ৰেছৰ তাকম সঞ্জায়ক পৰাভূত কৰিছিল ৰিজিজুয়ে।

৭. অল্মৌড়া- উত্তৰাখণ্ডৰ এই সংসদীয় সমষ্টিটোত মোডী চৰকাৰৰ বস্ত্ৰ ৰাজ্যমন্ত্ৰী অজয় তম্তাই। ২০১৪ চনত কংগ্ৰেছৰ প্ৰদীপ তম্তাক ১ লাখৰো অধিক ভোটত পৰাস্ত কৰিছিল অজয় তম্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in