শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

বিসম্বাদ ! ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অপসাৰণৰ দাবীত দিল্লীত সাত বিজেপি বিধায়ক…

464

ডিজিটেল সংবাদ,বেকাজান :  একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ তুলি  ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা  অপসাৰণৰ দাবীত সাত বিজেপি বিধায়কে  নতুন দিল্লীত বাহৰ পাতি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ  চেষ্টা  চলোৱা ঘটনা সম্প্ৰতি ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক খলকনি সৃষ্টি কৰিছে ।

নতুন দিল্লীত বিধায়ক সুদীপ্ত ৰয় বৰ্মনৰ নেতৃত্বত বাহৰ পতা বিসম্বাদী সাত বিধায়কে  মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ  বিৰুদ্ধে  অনভিজ্ঞ আৰু স্বেচ্ছাৰীতাৰ  গুৰুত্ব অভিযোগ তুলিছে ।  সুদীপ্ত ৰয় বৰ্মনে দাবী কৰামতে ৩৬ জন বিজেপি বিধায়কৰ ভিতৰত ১২ গৰাকীয়ে তেওঁক সমৰ্থন কৰিছে । দিল্লীত বাহৰ পতা অন্য বিদ্ৰোহী বিধায়কসকল হৈছে  সুশান্ত চৌধুৰী, আশীষ সাহা, আশীষ দাস , দিৱা চন্দ্ৰ ৰাংকুল , বুৰব মহন ত্ৰিপুৰা , পৰিমল দেব বৰ্মন আৰু ৰাম প্ৰসাদ পাল ।

উল্লেখযোগ্য যে ৬০ জনীয়া ত্ৰিপুৰাৰ বিধানসভাত বিজেপিৰ ৩৬ গৰাকী বিধায়ক আছে ।  বিসম্বাদী বিধায়কসকলে অভিযোগ কৰামতে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে  নিজৰ হাতত ১২ টাকৈ দপ্তৰ ৰাখি একনায়কত্ববাদী শাসন চলাইছে ।

ইফালে দলৰ বিধায়কসকলৰ বিসম্বাদৰ সন্দৰ্ভত ত্ৰিপুৰাৰ বিজেপি সভাপতি মানিক সাহাই কয়  ১২ গৰাকী বিধায়কে বিসম্বাদ কৰিলে চৰকাৰ বিপদমুক্ত । জানিব পৰা মতে নতুন দিল্লীত সাত বিসম্বাদী বিধায়কে  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি  নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎকাৰ বাবে অপেক্ষা কৰিছে

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি