খন্তেকৰ কাৰনে চাওক আৰু এখন্তেক প্ৰাণ খুলি হাঁহি যাওকঃ ২৮ ফেব্ৰুৱাৰীত ‘নিৰুদ্দেশ’….

খন্তেকৰ কাৰনে চাওক আৰু এখন্তেক প্ৰাণ খুলি হাঁহি যাওকঃ ২৮ ফেব্ৰুৱাৰীত ‘নিৰুদ্দেশ’….

ডিজিটেল ডেস্কঃ দৈনন্দিন ব্যস্ততা, গতানুগতিক কামৰ মাজতে কিমাননো আৰু সোমাই থাকিব। খন্তেকৰ কাৰনে চাওক আৰু এখন্তেক প্ৰাণ খুলি হাঁহি যাওক। নাট্যপ্ৰেমী ৰাইজৰ মনোৰঞ্জনৰ বাবেই গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘই এটি নাট্য সন্ধিয়াৰ আয়োজন কৰিছে। এই সন্ধিয়াটিতে মঞ্চস্থ কৰা হব নাট 'নিৰুদ্দেশ'। ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক দুৰ্গেশ্বৰ বৰঠাকুৰৰ স্মৃতিত তেওঁৰে ৰচিত নাট 'নিৰুদ্দেশ' অহা ২৮ ফেব্ৰুৱাৰীত মঞ্চস্থ কৰাৰ দিহা কৰিছে সেউজ সংঘই।

নীৰৱে চৰ্চা কৰি সাহিত্য তথা অসমৰ নাট্যজগতলৈ বৰণ্যে অৱদান আগবঢ়াই হৈ যোৱা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজীত। কটন কলেজত শিক্ষাগ্ৰহণ কৰি তেওঁ নতুন অসমীয়া কাকত, ৰিৰ্জাভ বেংকত কিছুদিন কাৰ্যনিবাহ কৰাৰ পাছত শেষত শিলচৰ অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। বৰঠাকুৰে জীৱনকালত একেধাৰে নাটক, কথাছবি, উপন্যাস, ৰস ৰচনা ৰচনা কৰি অসমৰ সাহিত্য জগতত এক সুকীয়া আসন দখল কৰিছিল।

বিহগুটিৰ বিলৈ, যতে ৰাতি হয়, চোক-চিপাহী কোট, কিডনেপ, ধুমুহা. নিৰ্দিষ্ট বক্তা, মুকুটৰ দৰে কেইবাখনো অনাতাঁৰ নাট ৰচনা কৰা বৰঠাকুৰৰ উল্লেখযোগ্য উপন্যাস হৈছে গজেন্দ্ৰ উপখ্যান। ইয়াৰে কেইবাখনো নাটকে ৰাষ্ট্ৰীয় পুৰষ্কাৰ আজুঁৰি আনিবলৈও সক্ষম হৈছিল। এই ৰচনাৰ উপৰিও দুৰ্গেশ্বৰ বৰঠাকুৰৰ বহু খুহুতীয়া লেখা সেই সময়ত ছদ্ম নামেৰে বাতৰিকাকত সমূহত প্ৰকাশ পাইছিল। ৰসাল সৃষ্টিবোৰৰ বাবে অবিকল গোষ্ঠীয়ে তেওঁক 'ৰসৰাজ' উপাধিয়েও বিভূষিত কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৮ ফেব্ৰুৱাৰীত অম্বিকাগিৰি নগৰৰ মহেন্দ্ৰ বৰঠাকুৰ মুকলি মঞ্চত মঞ্চস্থ হ'ব লগা 'নিৰুদ্দেশ' নাটখনি এসময়ত দিল্লী কেন্দ্ৰৰ পৰা টিভি যোগে প্ৰচাৰিত হৈছিল। দুৰ্গেশ্বৰ বৰঠাকুৰৰ অনুপম সৃষ্টি 'নিৰুদ্দেশ' নাটখনিৰ পৰিচালনা কৰিব এমেচাৰ নাট্যজগতৰ চিনাকী মুখ ৰূপজ্যোতি বৰঠাকুৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আয়োজন কৰা হৈছে এই নাট্য সন্ধিয়াটি। কেইবাগৰাকীও জনপ্ৰিয় তথা অভিজ্ঞতাপুষ্ট অভিনেতা-অভিনেত্ৰীৰ অভিনয়েৰে নাটখনিৰ সকলো চৰিত্ৰক প্ৰাণ দিবলৈ দিনে-ৰাতিয়ে আখৰা অব্যাহত ৰাখিছে নাটখনৰ সৈতে জড়িত সকলো কলা-কৌশলীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in