চেষ্টা আছে, চিন্তা নাই! গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে ‘চেষ্টা’…

চেষ্টা আছে, চিন্তা নাই! গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে ‘চেষ্টা’…

ডিজিটেল ডেস্কঃ এটা দশক পুৰণি সংগঠন চেভেন ছিষ্টাৰ্ছ ডেভেলপমেন্ট এছিষ্টেন্সে(চেষ্টা) গ্ৰাম্য অসমৰ দুখীয়া আৰু উপায়ন্তৰ পৰিয়ালসমূহৰ উৎকৰ্ষ সাধনৰ বাবে বিশেষ প্ৰয়াস চলাই তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। সক্ষমতা, জীৱিকা, দুৰ্বল গ্ৰাম্য সমাজৰ কল্যাণ আৰু সমাজত সংহতি, শান্তি তথা দ্বিপাক্ষিক সামূহিক শক্তি বৃদ্ধি কৰিবলৈ মহিলাৰ নেতৃত্বাধীন সংসাধনৰ মাধ্যমেৰে মহিলাৰ সামগ্ৰিক অগ্ৰগতি সাধনৰ প্ৰতি তেওঁলোক বদ্ধপৰিকৰ।

কোভিড-১৯য়ে গ্ৰাম্য ভাৰতলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। ভাৰতৰ ভিতৰুৱা গাওঁসমূহৰ বিশেষকৈ উত্তৰ-পূবৰ দৰিদ্ৰ লোক সকলৰ স্বাস্থ্যজনিত সমস্যাৰ উপৰি জীৱিকাৰ উৎস হেৰুৱাই জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লাগিব। অনিৰ্দিষ্টকালীন লকডাউনে দিন হাজিৰা কৰা সমাজৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। এই সকলো লোকক সহায়ৰ বাবে কাম কৰি আহিছে চেষ্টাই। যিবোৰ পৰিয়ালৰ জীৱিকাৰ উৎস তেনেই সীমিত, তেনে লোকসকলক খাদ্য-সামগ্ৰী বিতৰণ, এছ এম এছ তথা আই ভি আৰৰ জৰিয়তে সজাগতা সৃষ্টি আৰু তেওঁলোকৰ পুজিঁ ব্যৱস্থাৰ যোগেদি তেওঁলোকৰ ওচৰ চপাৰ প্ৰয়াস কৰিছে।

এই জটিল সময়চোৱাত এই লোকসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্য বহনক্ষম জীৱিকাৰ বাবে তেওঁলোকক ঘৰুৱাভাৱে কম খৰচত কুকুৰা পালন, বোৱা-কটাৰ বাবে কেচাঁমালৰ জৰিয়তে পৰিয়াল সমূহক সহায় কৰাৰ মনস্থ কৰিছে। দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ এই পৰ্যন্ত ৩০,০০০ পৰিয়াললৈ সুবিধা আগবঢ়োৱা বেচৰকাৰী সংগঠনটোৱে বৰ্তমান পোনপটীয়াকৈ ১৮,০০০তকৈ অধিক পৰিয়ালক সামৰি তেওঁলোকৰ সা-সম্পত্তি, দক্ষতা বঢ়াবলৈ আৰু বহনক্ষম উপাৰ্জনৰ সুযোগ আগবঢ়াবলৈ কাম কৰি আছে। এই কৰ্মত অংশীদাৰ হবলৈ আৰু দান বৰঙণি আগবঢ়াবলৈ চাব পাৰে https://www.sesta.org/donation ৱেবচাইটত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in