নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ….

নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয়  লায়ণ্স ক্লাৱৰ অধিবেশন ….

ডিজিটেল সংবাদ, ডিমাপুৰ : নগালেণ্ডৰ ডিমাপুৰ চহৰত ৪২ তম লায়ণ্স ক্লাবৰ অধিবেশন ৫,৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়াকৈ পালন কৰা হয়। এই অধিবেশনত ৩২২ ডি অধীনত অসম, অৰুণাচল, নাগালেণ্ড আৰু মনিপুৰ ৰাজ্যৰ মুঠ প্ৰায় ৮০ খন লায়ণ্স ক্লাবে অংশগ্ৰহণ কৰে । এই বছৰৰ অধিবেশনৰ সম্পূৰ্ণ ব্যৱস্থা ঘৰুৱা লায়ণ্স ক্লাব অৱ ডিমাপুৰে কৰে।

৩২২ ডি অধীনৰ গোটেই ক্লাবৰ মুঠ প্ৰায় ৯০০ সদশ্যবৃন্দয়ে নিজৰ নিজৰ সুন্দৰ সুন্দৰ সাজপাৰে ডিমাপুৰ খেল পথাৰত লগ হৈ পৰিপাতিকৈ সমদল উলিয়ায় চহৰ খনৰ মাজমজিয়াত ভ্ৰমণ কৰি আহি ডিমাপুৰ লায়ণ্স ক্লাবত উপস্থিত হয়।

বিভিন্ন ৰাজ্যৰ ভাষা, সাজপাৰ,কলা সংস্কৃতিৰে বৈষমতাৰ যি ঐক্য প্ৰতিষ্ঠা সাধন কৰিছে সচাকৈয়ে শলাগ লবলগীয়া। লায়ণ্স ক্লাব অৱ ডিমাপুৰৰ বৃহৎ সভাগৃহত বিভিন্ন ক্লাৱৰ কৰ্মৰাজিৰ ওপৰত আলোচনা কৰা হয় । এই ৩২২ ডি ডিমাপুৰৰ অধিবেশন সভালৈ নগাঁও লায়ণ্স ক্লাবৰ পৰা প্ৰায় ২০ গৰাকীয়ে প্ৰতিনিধিত্ব কৰে ।

প্ৰলয় সাহা, অজয় মিট্টল, বিশ্বজিৎ মহন্ত, সন্জয় গাৰোদিয়া, গংগা বল্লভ গোস্বামী, দেবেন সিং,যুগল আগৰৱালা, প্ৰান্তৰ ভট্টাচাৰ্য,গুৰুচৰন সিং, হৰভজন সিং,পু্ষ্পা আগৰৱালা, মহৰ্ষি বৰদলৈ,ইনামূল মজিদ,মালা শৰ্মা বৰদলৈ, আৰু কেইবাজনো লায়ণ্স ক্লাৱৰ সদশ্য উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in