দৰং জিলাত নিসিদ্ধ শ্বেৰমান আলী ! অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দৰং আছুৰ…

দৰং জিলাত নিসিদ্ধ শ্বেৰমান আলী ! অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দৰং আছুৰ…

ডিজিটেল সংবাদ মঙলদৈঃ বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক অসম আন্দোলনৰ দৰঙৰ ১১ জন শ্বহীদক অপমান কৰি দিয়া বক্তব্যক বিৰোধিতা কৰিছে আছুৱে। বৃহস্পতিবাৰে দৰং জিলা ছাত্ৰ সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা পৰিবহন কাৰ্যালয়ৰ সন্মুখত শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি চেৰমান আলিৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে দৰঙৰ গৰুখুটি কাণ্ডৰ প্ৰসংগত অসম আন্দোলনৰ শ্বহীদ সকলক কৰা তীৰ্য্যক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে দৰং জিলা ছাত্ৰ সন্থাই । দৰং আছুই শ্বেৰমান আলীয়ে ৰাজহুৱা ভাৱে ক্ষমা নোখোজা পৰ্য্যন্ত দৰং জিলাত প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে অতিশীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in