সীমান্তত যুদ্ধৰ দামামাঃ ১৩০০ লোকক চেৰাই প্ৰধানমন্ত্ৰী মোদীৰ ছিউল শান্তিৰ বঁটা লাভ

সীমান্তত যুদ্ধৰ দামামাঃ ১৩০০ লোকক চেৰাই প্ৰধানমন্ত্ৰী মোদীৰ ছিউল শান্তিৰ বঁটা লাভ
  • ছিউল শান্তি বঁটাৰে সন্মানিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • দক্ষিণ কোৰিয়াই প্ৰধানমন্ত্ৰীজনক প্ৰদান কৰিছে এই সন্মান।
  • এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মোদী প্ৰথমগৰাকী ভাৰতীয়।
  • এই বঁটাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ পৰা আহিছিল ১৩০০খন আবেদন পত্ৰ।
  • সেইসকলৰ ভিতৰত এৱাৰ্ড কমিটীয়ে ১৫০খন আবেদন বাচনি কৰে।
  • পুনৰ ১৫০ খন আবেদলৰ পৰা বাচনি কৰি চূড়ান্তভাৱে নিৰ্বাচিত কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
  • ১৯৯০ চনৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা।
  • ইফালে জম্ম-কাশ্মীৰৰ সীমান্তত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বহু চিআৰপিএফ জোৱানে।
  • যি ঘটনাক কেন্দ্ৰ কৰি দেশৰ লগতে বিদেশটো দেখিবলৈ পোৱা গৈছে শোকৰ ছা।
  • তেনে সময়তে প্ৰধানমন্ত্ৰীজনে লাভ কৰিছে এই বঁটা।
  • উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত বৃহস্পতিবাৰৰ পৰা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • শুকুৰবাৰে মোদীয়ে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সাক্ষাৎ কৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে–ইনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in