কস্তুৰ্বা আশ্ৰমৰ বিদুষী মহিলা শকুন্তলা চৌধুৰীলৈ ৰাষ্ট্ৰীয় সন্মান…

কস্তুৰ্বা আশ্ৰমৰ বিদুষী মহিলা শকুন্তলা চৌধুৰীলৈ ৰাষ্ট্ৰীয় সন্মান…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ উলুবাৰীস্থিত কস্তুৰ্বা আশ্ৰমৰ তত্বাৱধায়ক তথা ৰাজ্যখনৰ এগৰাকী অগ্ৰণী সমাজ সেৱিকা শকুন্তলা চৌধুৰী লৈ ২০২১ বৰ্ষৰ বয়োজ্যেষ্ঠ সন্মান আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলিকৰণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই বঁটা আগবঢ়োৱা হৈছে। অহা ১ অক্টোবৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ লগত নগদ আঢ়ৈ লাখ টকাৰ উপৰি স্মাৰক প্ৰসস্থি পত্ৰ তথা অন্যান্য উপহাৰৰ টোপোলা থাকিব।

উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰখ্যাত সাংবাদিক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ পিতামহ স্বৰূপ প্ৰয়াত তিলক হাজৰিকাৰ আত্মীয় এই মহিলা গৰাকীয়ে কস্তুৰ্বা গান্ধী নেচনেল মেমৰিয়েল ট্ৰাষ্টৰ অসম শাখাৰ তত্বাৱধায়ক হিচাপে বাপুজীৰ আদৰ্শৰ প্ৰচাৰ-প্ৰসাৰৰ উপৰি মহিলা সবলিকৰণ আৰু সমাজৰ বিভিন্ন দুৰ্গত শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে দীৰ্ঘকাল সেৱা আগবঢ়াই আহিছে। এনে এগৰাকী বিদুষী মহিলাৰ বঁটা প্ৰাপ্তিৰ খবৰে স্বাভাৱিকভাৱেই উলুবাৰীস্থিত কস্তুৰ্বা আশ্ৰম পৰিয়ালৰ লগতে অন্যান্য শুভাকাংক্ষীসকলকো আনন্দিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in