শেহতীয়া খবৰ
যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...  •  সন্ধিয়া ৭ বজালৈ COVID-19ত আক্ৰান্ত হৈ ক’ত কিমান লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...

আদৰ্শ গাঁও শুভাত চুলাই মদৰ ঘাটি উৎখাত তাৰাবাৰী আৰক্ষীৰ, প্ৰায় ৭০০ লিটাৰ চুলাই নষ্ট…VIDEO

747

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ বিশ্বতে মাৰাত্মক কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত চলি থকা লকডাউনৰ মাজতে আৰক্ষীয়ে চুলাইৰ বিৰুদ্ধে চলাইছে অভিযান।

লকডাউনৰ বাবে ৰাইজক সজাগতা সৃষ্টি কৰাৰ কৰ্তব্যত নিয়োজিত হৈ থকাৰ উপৰিও আৰক্ষীয়ে চলাইছে চুলাই বিৰোধী অভিযান। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰাপ্ত শুভাত বুধবাৰে পাঁচটা পৰিয়ালত অভিযান চলাই চুলাই মদৰ ঘাটি উৎখাত কৰে তাৰাবাৰী আৰক্ষীয়ে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযান কালত প্ৰায় সাত শ লিটাৰ চুলাই মদ ধ্বংস কৰাৰ লগতে উৎখাত কৰে চুলাই মদৰ ঘাটি।আৰক্ষীৰ উমান পাই অভিযান চলোৱা ঘৰৰ গৃহস্থবোৰ পলায়ন কৰে বুলি জানিব পৰা গৈছে ।

দীৰ্ঘদিন ধৰি এচাম অসাধু লোকে অবৈধ ভাৱে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীৰ এই অভিযানক সচেতন মহলে প্ৰশংসা কৰে। চুলাই প্ৰস্তুত কৰি থকা সময়ত গোপন খবৰ ভিত্তিত তাৰাবাৰী আৰক্ষীয়ে চলাইছিল অভিযান ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি