চেঙা সভা মহোৎসৱৰ শুভাৰম্ভণি

চেঙা সভা মহোৎসৱৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, চেঙাঃ নামনি অসমৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ সমূহৰ ভিতৰত বৰপেটা জিলাৰ চেঙা সভা মহোৎসৱ অন্যতম । চেঙা সভা মহোৎসৱে এই বেলি ৮৬ বছৰত ভৰি দিলে। পহিলা মাঘৰ পৰা আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত চেঙা সভা মহোৎসৱ। পহিলা মাঘৰ পুৱা ৯ বজাত চেঙা ঐক্য সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি হলধৰ দেৱে।পুৱা ৯ঃ৩০ বজাত শ্বহীদ তৰ্পণ কৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই।

পুৱা ১০ বজাত কৃষ্ণ মন্দিৰত অখণ্ড বন্তি প্ৰজ্বলন আৰু ভোগঠগী স্থাপন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে । সন্ধিয়া সভা মহোৎসৱৰ দ্বাৰ মুকলি কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত মনোজ কুমাৰ চিকাৰিয়াই। ইয়াৰ পিছতেই চেঙা ঐক্য সন্মিলনৰ সভাপতি হলধৰ দেৱৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠকে । নিৰ্দিষ্ট বক্তা হিচাপে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত অসম বাণী কাকতৰ সম্পাদকগৰাকীয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি গ্ৰামাঞ্চলতেই ভাল কথাবোৰ হৈ আছে আৰু অসমৰ আচল প্ৰাণটো গাঁৱতেই আছে বুলি মন্তব্য কৰাৰ লগতে আমাৰ মাজৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে শাসনাধিষ্ঠিত একাংশই অহৰহ চেষ্টা চলাই আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।আনহাতে অসমৰ এনে জটিল সন্ধিক্ষণত চেঙা অঞ্চলটোৱে ঐক্য-সম্প্ৰীতিৰ ক্ষেত্ৰত এক আদৰ্শ দেখুওৱা বুলিও মত পোষণ কৰে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে।

বিশিষ্ট অতিথি হিচাপে চলচিত্ৰ পৰিচালক, অভিনেতা, অসম সাহিত্য সভাৰ আইন উপদেষ্টা হবিবৰ ৰহমানে ভাষণ প্ৰসংগত মিলন-সম্প্ৰীতি-ঐক্যতাই অসমীয়া জাতিৰ বিশাল সংস্কৃতি বুলি উল্লেখ কৰি দৃঢ়তাৰে কয় যে আমাৰ ভাষা কোনেও কাঢ়ি নিব নোৱাৰে; আমাৰ সংস্কৃতি কোনেও বিজতৰীয়া কৰিব নোৱাৰে।ৰহমানে "গীতা"ৰ প্ৰসংগ উল্লেখ কৰি আধ্যাত্মিক ভাবাদৰ্শৰে সাৱলীল বক্তৃতা প্ৰদান কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মাই কয় যে ভাল পানীৰ দৰে ভাল মানুহবোৰো বন্ধ পেকেটত আৱদ্ধ হৈ থাকে । সমাজ জীৱনৰ সৰ্বস্তৰৰ ভাল মানুহবোৰ সংঘবদ্ধ হৈ ওলাই আহিব লাগে সমাজৰ মঙ্গলৰ বাবে ।

জনপূৰ্ণ সভাখনত মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল হুছেইন, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুকুল মিশ্ৰ, 6নং চেঙা জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য বসন্ত ঠাকুৰীয়াৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।চেঙা ঐক্য সন্মিলনৰ সম্পাদক মহানন্দ পাঠকে প্ৰতিবেদন পাঠ কৰাৰ পূৰ্বে বিশিষ্ট শিক্ষক হিৰণ্য কুমাৰ গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

বৃহস্পতিবাৰে সভা মহোৎসৱৰ দ্বিতীয় দিনা শিল্পী দিৱসৰ লগতে ধৰ্মীয় তথা পৰম্পৰাগত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয় । ইফালে ১৮ জানুৱাৰীৰ পৰা হেঙুল থিয়েটাৰৰ নাট্যাভিনয় আৰম্ভ হোৱাৰ লগতে ২১ জানুৱাৰীত সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা, ২২ জানুৱাৰীত সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মন্টুমনি শইকীয়া, আইলিটা, হিমাশ্ৰী, প্ৰিয়ংকাৰ উপৰিও কেইবাগৰাকী কন্ঠশিল্পীয়ে সংগীত পৰিবেশন কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়াৰ লগতে সভা মহোৎসৱৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in