শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

সতেজ শাক-পাচলি বিতৰণ চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ…

13

ডিজিটেল সংবাদ ,চেঙাঃ সমগ্ৰ বিশ্বতে মাৰাত্মক ক’ৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ বৃহস্পতিবাৰে নৱম দিন। লকডাউনৰ সময়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে লোকসকল। ফলত খাদ্য-সামগ্ৰী বিশেষকৈ শাক-পাচলিৰ নাটনি হৈ পৰে পৰিয়ালসকলৰ মাজত ।ইতিমধ্যে বিভিন্ন দল সংগঠন, ব্যক্তি বিশেষে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হৈছে ।

বৰপেটা জিলাৰ চেঙা জিলা পৰিষদৰ সদস্য তথা বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক বসন্ত ঠাকুৰীয়াইও বৃহস্পতিবাৰে নিজাববীয়াকৈ চেঙাৰ শালদিয়া পাৰাৰ প্ৰতিটো পৰিয়ালৰ মাজত বিতৰণ কৰে সতেজ শাক-পাচলি। অসম চৰকাৰ আৰু বিজেপি নেতৃত্বৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। প্ৰায় পাঁচ শ পৰিয়ালৰ মাজত শাক-পাচলি বিতৰণ কৰে বসন্ত ঠাকুৰীয়াই ।

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনাৰ পৰা নিজকে বচাই ৰখাৰ লগতে আনকো জীয়াই ৰখাৰ বাবে প্ৰতিজন নাগৰিককে চৰকাৰে ঘোষণা কৰা লকডাউন মানি ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতা দেখুৱাইছে, যি উদ্যোগ গ্ৰহণ কৰিছে তাক আমি সঁহাৰি জনাব লাগিব, উৎসাহ দিব লাগিব বুলিও উল্লেখ কৰে ঠাকুৰীয়াই।

ইয়াৰ উপৰিও বৃহস্পতিবাৰে অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনেও নিজাববীয়াকৈ কাকধোৱা অঞ্চলৰ ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰি লোকসকলক চাফ-চিকুনকৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি