চেঙা সমষ্টিৰ বহৰিত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সভা…

চেঙা সমষ্টিৰ বহৰিত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সভা…

ডিজিটেল সংবাদ , চেঙা : বৰপেটাৰ জিলা চেঙা সমষ্টিৰ বহৰিত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সভা অনুষ্ঠিত হয় ৷ কংগ্ৰেছৰ দখলত থকা চেঙা সমষ্টিৰ বহৰিৰ শ্ৰীশ্ৰীহৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত যোগদান সভাত বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, অগপৰ লগতে বহুসংখ্যক প্ৰাক্তন আছু নেতাই অসম জাতীয় পৰিষদত যোগদান কৰে ৷

প্ৰাক্তন আছু নেতা প্ৰভাকৰ পাঠক, মিন্টু মেধি, বিজেপিৰ চেঙা সমষ্টি সমিতিৰ যুৱ মৰ্চাৰ প্ৰাক্তন উপ সভাপতি মনিৰউদ্দিন আহমেদ, তৃণমূল কংগ্ৰেছৰ বৰপেটা জিলাৰ সম্পাদক মান্নান খান, তৃণমূল কংগ্ৰেছৰ নেতা চাদ্দাম খান, কংগ্ৰেছৰ প্ৰাক্তন মণ্ডল সভাপতি কামেৰ খান, আদিৰ নেতৃত্বত বিভিন্ন দলৰ বহুসংখ্যক নেতা-কৰ্মীক অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ, পবিন্দ্ৰ ডেকা, দুলু আহমেদ, গোবিন্দ গায়ন আদিয়ে গামোচা আৰু অসম জাতীয় পৰিষদৰ অংগবস্ত্ৰৰে আদৰণি জনায় ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পটালত চিকিৎসাধীন অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে পূৰ্বে নিৰ্ধাৰিত সময়তকৈ প্ৰায় চাৰিঘন্টা পলমকৈ সভাত উপস্থিত হোৱা জাতীয় পৰিষদৰ নেতৃত্বৰ ভাষণ শুনিবলৈ চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত সহস্ৰাধিক লোকে ঘন্টাৰ পিচত ঘন্টা ধৰি অপেক্ষা কৰি থাকে ৷ পবিন্দ্ৰ ডেকাৰ লগতে বৰপেটাৰ তত্বাৱধায়ক দুলু আহমেদ, গোবিন্দ গায়ন , গিয়াচুদ্দিন আহমেদ, বৰপেটা জিলাৰ আহ্বায়ক চহিদুল ইছলাম আদিকে ধৰি জাতীয় পৰিষদৰ কেবাগৰাকীও নেতাই অংশগ্ৰহণ কৰা সভাখনত অংশ লৈ দুলু আহমেদে বুধবাৰে জালুকবাৰীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ সভাখনৰ জৰিয়তে "হিমন্তবিশ্ব শৰ্মাৰ বুকুত কামোৰ মাৰি" থৈ অহা বুলি মন্তব্য কৰে ৷

ইপিনে বহৰিৰ সভাখনত অংশ লৈ লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত দিল্লীৰ চকুত চকু থৈ নিজ অধিকাৰৰ কথা ক'ব পৰা এজন মুখ্যমন্ত্ৰী নোপোৱাৰ বাবেই অসমবাসীয়ে বাৰে বাৰে প্ৰতাৰিত হৈ অহা বুলিও মন্তব্য কৰে ৷ শেহতীয়াভাৱে বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীকে ধৰি চৰকাৰৰ বিভিন্নজনে মোগলৰ আক্ৰমণ, ৩৫ শতাংশ মানুহ, আদি কথা কৈ সমগ্ৰ মুছলমান সমাজক অপমান কৰা বুলিও ভাষণত উল্লেখ কৰে ৷ বিজেপি চৰকাৰে অসমৰ মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিব বিচৰা বুলিও উল্লেখ কৰে ৷ ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদে শংকৰ -আজানৰ সমন্বয়ৰ মন্ত্ৰেৰে জাতীয়তাবাদৰ বৰভেটি গঢ়িব লাগিব বুলি আহ্বান জনায় ৷

ইপিনে ২০২১ৰ নিৰ্বাচনত বহুমূলীয়া ভোটটো কংগ্ৰেছক দিলে ভোটটো অথলে যাব বুলি কৈ বিটিচি, তিৱা আদি নিৰ্বাচনত কংগ্ৰেছ দলে শূন্য ফলাফল লাভ কৰি কিদৰে মুখঠেকেছা খাইছে তাৰ ব্যাখ্যা আগবঢ়ায় ৷ আনহাতে বিজেপিৰ লগতে বদৰুদ্দিন আজমলকো একেই সাম্প্ৰদায়িক বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ- বিজেপি বিৰোধী শক্তিসমূহে একত্ৰিতভাৱে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰি অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিক শক্তিসমূহ একত্ৰিত হ'ব লাগে বুলি কৈ তাৰবাবে ৰাইজৰ দল, বিপিএফ, এএছডিচি আদিকে ধৰি সকলো দলৰ মাজত বুজাবুজি হোৱা বুলি প্ৰকাশ কৰে ৷

ৰাজ্যৰ বিজেপি চৰকাৰখনক হিংসুক চৰকাৰ বুলি আখ্যা দি এই চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰিব খোজা বুলিও মন্তব্য কৰে ৷ সেয়ে এই চৰকাৰখন ওফৰোৱাৰ বাবে সকলোৱে ঐক্যৱদ্ধ হৈ আগবাঢ়িব লাগিব বুলি ৰাইজলৈ আহ্বান জনায় ৷ ২১' ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে মিত্ৰতাৰ ভিত্তিত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে ৷

ৰাজ্যত শেহতীয়াভাৱে মুছলিম জাতীয় পৰিষদ গঠনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধৰ্মৰ নামত ৰাজনীতি অসমৰ বাবে শুভ লক্ষণ নহয় বুলি প্ৰকাশ কৰে ৷ বিজেপিৰ দৰেই আজমলকো সমানেই শত্ৰু বুলি উল্লেখ কৰি সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত এজেণ্ডাৰ মিল থকাৰ কথাও উল্লেখ কৰে ৷ ২১'ৰ নিৰ্বাচনত অজাপৰ দলে চৰকাৰ গঠন কৰিলে অসমত 'কা' বলবৎ হ'ব নিদিয়ে বুলি ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে ৷ ২১'ত জাতীয়তাবাদী দলৰ চৰকাৰ হ'ব আৰু অসম জাতীয় পৰিষদে চৰকাৰৰ নেতৃত্ব বহন কৰিব বুলি কৈ চেঙাৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ৷

ইপিনে জালুকবাৰীলৈ গ'লে নেতাসকলে প্ৰেৰণা পায় বুলি হিমন্তবিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰিণজ্যোতি গগৈয়ে- জালুকবাৰীলৈ গ'লে প্ৰেৰণা পায় নে উন্নয়নৰ ভুৱা ছবিখন দেখা পায় বুলিহে প্ৰশ্ন তোলে ৷ সভাখনত ভাষণ প্ৰদান কৰি দলটোৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই এইবাৰৰ নিৰ্বাচনত জাতীয় আৰু ৰাষ্ট্ৰীয় শক্তিৰ মাজত যুঁজ হ'ব বুলি কৈ আঞ্চলিক শক্তিয়ে দিছপুৰ দখল কৰিব বুলি দাবী কৰে ৷

মোগলৰ আক্ৰমণৰ নামত, ভাষা, ধৰ্ম, গোষ্ঠী, সম্প্ৰদায়ৰ নামত সমাজখনক ভাগ ভাগ কৰিব বিচৰা বিজেপি চৰকাৰখনৰ চেষ্টা বিফল হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷ উজনি, নামনি সকলোতে জাতীয়তাবাদী শক্তিৰ উত্থান ঘটিছে আৰু জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি উৎখাত কৰিব বিচৰা শক্তিক অসমৰ ৰাইজে এইবাৰ অসমৰ পৰাই উৎখাত কৰিব বুলিও প্ৰকাশ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in