সৰুক্ষেত্ৰীৰ বেলবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস

সৰুক্ষেত্ৰীৰ বেলবাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেলবাৰী ৰাজীৱ ভৱনতো সোমবাৰে প্ৰতাৰণা দিৱস পালন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতাৰণা দিৱস পালন কৰা হয়। প্ৰতিবাদৰ সময়ছোৱাত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলৰ মন্তব্য ২০১৭চনৰ পৰা বৰ্তমানলৈকে বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতি কলোবোৰ মিছা ।

যাৰ বাবে ৰাইজে আজি প্ৰতাৰণা দিৱস পালন কৰিবলগীয়া হৈছে। উল্লেখ্য যে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি শান্ত কুমাৰ দাস, সাধাৰণ সম্পাদক মামুল আলীৰ লগতে ভালে সংখ্যক কংগ্ৰেছ সমৰ্থকে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in