গৰুৱে সংস্কৃতত কথা ক’ব পৰা যন্ত্ৰ উদ্ভাৱন বলাৎকাৰী ধৰ্মগুৰুৰ!

গৰুৱে সংস্কৃতত কথা ক’ব পৰা যন্ত্ৰ উদ্ভাৱন বলাৎকাৰী ধৰ্মগুৰুৰ!

ডিজিটেল ডেস্কঃ ধৰ্মগুৰুৰ পৰা এতিয়া বিজ্ঞানী হ'বলৈ মন মেলিছে নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত গডমেন নিত্যানন্দই। বিজ্ঞানৰ সৈতে অলৌকিকতাৰ সংমিশ্ৰণ ঘটাই গুৰু নিত্যানন্দই উদ্ভাৱন কৰি উলিয়াইছে বিশেষ ডিভাইছ আৰু ছফটৱেৰ।

এই ডিভাইছ আৰু ছফটৱেৰৰ মহিমা শুনিলে আচৰিত নহৈ নোৱাৰি। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা গুৰু নিত্যানন্দ উদ্ভাৱিত এই যন্ত্ৰ আৰু ছফটৱেৰ মানুহৰ বাবে নহয়, জীৱ-জন্তুৰ বাবেহে।

ধৰ্মগুৰুগৰাকীয়ে দাবী কৰা অনুযায়ী এই ডিভাইছ আৰু ছফটৱেৰৰ যাদুত সংস্কৃত আৰু তামিলত সলসলীয়াকৈ কথা ক'বলৈ আৰম্ভ কৰিব গৰুৱে। বলধ, ষাড়, গাই সকলো গৰুৱে নিত্যানন্দৰ উদ্ভাৱিত যন্ত্ৰৰে সংস্কৃত আৰু তামিলত মানুহৰ দৰেকৈ কথা ক'বলৈ আৰম্ভ কৰিব।

কেৱল গো-মাতাৰ বাবেই নহয়, বাঘ-সিংহ আনকি বান্দৰৰ বাবেও কথা কোৱা বিশেষ ডিভাইছ আৰু ছফটৱেৰ উদ্ভাৱনৰ যো-জা চলাইছে স্বয়ম্ভূ ঈশ্বৰগৰাকীয়ে। ইতিমধে এনে যন্ত্ৰ আৰু ছফটৱেৰ নিৰ্মাণক লৈ ভাষণ দি থকা এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

'মই কৰি দেখুৱাম। হনুমান আৰু আন জন্তুবোৰৰ আমাৰ দৰে অংগ নাই। কিন্তু তেনে অংগ স্বতঃস্ফূৰ্তভাৱে হৈ উঠিব। মই বৈজ্ঞানিক গৱেষণা আৰু মেডিকেল টেষ্টৰ জৰিয়তে এয়া কৰি দেখুৱাম।'-ভাইৰেল ভিডিঅ'টোত দাবী নিত্যানন্দৰ।

বান্দৰৰ বাবে ফ'নেটিক আৰু ভোকেল কৰ্ড তৈয়াৰ কৰিব বুলি জনাই এই সমগ্ৰ কাম অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও দাবী কৰে ধৰ্মগুৰুগৰাকীয়ে। তামিলনাডুৰ মাদুৰাই আধিনাম মঠৰ ধৰ্মগুৰু নিত্যানন্দৰ এনে অদ্ভূত দাবীক লৈ নেটিজেনসকলৰ মাজত চলিছে ৰসাল আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in