শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

চেলা পাছত প্ৰবল তুষাৰপাতঃ যানবাহনৰ চলাচল বন্ধ, টাৱাঙৰে যোগাযোগ বিচ্ছিন্ন

451

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেলা পাছত মঙলবাৰৰে পৰা হোৱা প্ৰবল তুষাৰপাতৰ বাবে টাৱাং অভিমুখী সকলো বাহন চেলা পাছ পোৱাৰ পূৰ্বেই ওভতাই পঠাইছে প্ৰশাসনে৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেলা পাছৰ মাজেৰে সকলোধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিয়াৰ বাবে বহু পৰ্যটক টাৱাঙত আবদ্ধ হৈ পৰিছে৷

টাৱাঙৰ পৰা বমডিলা বা তেজপুৰৰ দিশে আহি থকা বাহনসমূহক চেলা পাছ পাৰ হ’বলৈ নিদিয়া বাবেই পৰ্যটকসহ বাহনসমূহ টাৱাঙলৈ উলটি যাব লগা হৈছে৷ উল্লেখ্য যে, সোমবাৰৰ নিশাৰ পৰাই চেলা পাছৰ লগতে টাৱাঙত তুষাৰপাত আৰম্ভ হয়৷ মঙলবাৰে এই তুষাৰপাত হঠাতে বৃদ্ধি পায় আৰু টাৱাং অভিমুখী চেলা সংযোগী পথত একৰ পৰা দুই ফুট পৰ্যন্ত বৰফ জমা হয়৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি