শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হাৰ্দিক পেটেলক গ্ৰেপ্তাৰ…

375

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক শনিবাৰে বীৰমগাঁৱৰ সমীপৰ হাছলপুৰত গ্ৰেপ্তাৰ কৰা হয়। ৰাষ্ট্ৰদ্ৰোহৰ এক অভিযোগত গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছ নেতাগৰাকীক। এই গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ে হাৰ্দিক পেটেলৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰৱানা জাৰি কৰিছিল আৰু ২৪ জানুৱাৰী, ২০২০ত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। অৱশ্যে তেওঁক ইয়াৰ পূৰ্বেই অৰ্থাৎ ন্যায়ালয়ত হাজিৰ হোৱাৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰা হয়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আহমেদাবাদৰ ন্যায়ালয়ত হাৰ্দিক পেটেলৰ বিৰুদ্ধে পাটীদাৰ সংৰক্ষণ সমৰ্থক ৰেলীৰ পাছত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰদ্ৰোহৰ এক গোচৰত শনিবাৰে জামিনবিহীন গ্ৰেপ্তাৰী পাৰৱানা জাৰি কৰা হয়। উল্লেখ্য যে, ন্যায়ালয়ত এই গোচৰ সন্দৰ্ভত হোৱা শুনানিত কেইবাবাৰো হাজিৰ নোহোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰৱানা জাৰি কৰা হয়।

প্ৰণিধানযোগ্য যে, ২০১৫চনৰ ২৫ আগষ্টত আহমেদাবাদৰ জিএমডিচি মৈদানত পাটীদাৰ সংৰক্ষণ সমৰ্থন ৰেলীৰ পাছত ৰাজ্যজুৰি হোৱা হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰু এই ঘটনাৰ পাছতেই ক্ৰাইম ব্ৰান্সে এই বৰ্ষৰে অক্টোবৰ মাহত এক গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে নিজৰ ছাৰ্জশ্বীটত হাৰ্দিক পেটেল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি