কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই…

কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই…

দিছপুৰ সচিবালয়ৰ বি ব্ল'কৰ গ্ৰাউণ্ড ফ্লৰত সংঘটিত হৈছিল অগ্নিকাণ্ড। জলসিঞ্চন আৰু গড়কাপ্টানী বিভাগৰ কাৰ্যালয় থকা এই ব্ল'কত সংঘটিত জুইত জাহ গৈছে বহু সংখ্যক ফাইল আৰু নথিপত্ৰ। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

কিন্তু দিছপুৰত ইয়াৰ পূৰ্বেও অনুৰূপ অগ্নিকাণ্ডত বহু গুৰুত্বপূৰ্ণ ফাইল জ্বলা উদাহৰণ আছে। মঙলবাৰে সংঘটিত অগ্নিকাণ্ড সংঘটিত হৈছিল এখন ফেনৰ পৰা। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই এই সন্দৰ্ভত এটা টুইট কৰিছে ৰাজ্যৰ মুখ্য সচিবে।

মুখ্য সচিবগৰাকীয়ে এই টুইটত লিখিছে যে, দিছপুৰত সংঘটিত এই অগ্নিকাণ্ডক লৈ কোনো ভয়ৰ কাৰণ নাই। এয়া ডাঙৰ জুই নহয়।কোনো এজন লোকে বি ব্ল'কত এখন ফেনৰ চুইচ অন কৰি থৈ গৈছিল। আৰু তাৰ পৰাই শ্বৰ্ট চাৰ্কিট হৈ সৰু অগ্নিকাণ্ড সংঘটিত হৈছিল। যিটো ইতিমধ্যে নিৰ্বাপিত কৰা হৈছে।

লগতে তেওঁ ইয়াত কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি উল্লেখ কৰিছে। কিন্তু অগ্নিকাণ্ডস্থলীৰ ভিতৰৰ আলোকচিত্ৰ এয়া। য'ত দেখা পোৱা গৈছে কি দৰে পুৰি ছাই হৈছিল এই সমূহ নথিপত্ৰ।অগ্নিকাণ্ড সংঘটিত হোৱাৰপাছতেই সেই স্থানত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in