বৰ্ষা বিঘ্নিত দ্বিতীয় টেষ্টত ভাৰতৰ দুৰ্বল আৰম্ভণি

বৰ্ষা বিঘ্নিত দ্বিতীয় টেষ্টত ভাৰতৰ দুৰ্বল আৰম্ভণি

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ লণ্ডনত অনুষ্ঠিত বৰ্ষা বিঘ্নিত দ্বিতীয়খন টেষ্টত আৰম্ভণিতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰতীয় দলটো। প্ৰথম দিনাৰ খেল বৰষুণৰ বাবে সম্পূৰ্ণৰূপে স্থগিত হোৱাৰ পিছত আজি দ্বিতীয় দিনাও বতৰে বিধি-পথালি দিয়ে। বৰষুণ কিছু শাম কটাত খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আম্পায়াৰদ্বয়ে।

খেল আৰম্ভ হোৱাৰ পিছতে টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱা ঘৰুৱা দলটোৱে কোহলি বাহিনীক নিয়ন্ত্ৰিত বলিঙেৰে বান্ধি ৰাখে। জ' ৰুট বাহিনীৰ বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি ভ্ৰমণৰত দলটোৰ দুয়োজন অপেনাৰে ক্ৰিজৰ পৰা বিদায় লৈছে। অপেনাৰ মুৰুলী বিজয়ে শূন্য ৰানতে পেভিলিয়নমুখী হোৱাৰ বিপৰীতে আনজন অপেনাৰ লোকেশ ৰাহুলে ৮ ৰান কৰিয়েই আউট হয়।

এনেদৰে মাত্ৰ ৬.৩ অভাৰতে ২ দুটা উইকেট হেৰুওৱা ভাৰতীয় দলটোৱে লান্সৰ আগলৈকে সংগ্ৰহ কৰিছিল ১১ ৰাণ। লান্সৰ সময়লৈকে শ্বেতেশ্বৰ পূজাৰা আৰু অধিনায়ক বিৰাট কোহলি প্ৰত্যেক ১ ৰাণকৈ স্ক'ৰ কৰি ক্ৰিজত আছিল।

কিন্তু ভোজন বিৰতিৰ পিছতে ভাৰতে পূজাৰাৰ ৰূপত হেৰুৱাই তৃতীয়টো উইকেট। ৰান আউট হোৱা পূজাৰাই মাত্ৰ ১ৰানহে স্কৰ কৰে। তৃতীয়টো উইকেটৰ পতনৰ পিছতে বৰষুণ দিবলৈ লোৱাত পুনৰ খেল স্থগিত ৰখা হৈছে। খেল স্থগিত ৰখাৰ পৰলৈকে ভ্ৰমণৰত দলটোৱে ৮.৩ অভাৰত ১৫ ৰান সংগ্ৰহ কৰিছে।

ইংলেণ্ড দলটোৰ হৈ এণ্ডাৰছনে দখল কৰিছে দুটাকৈ উইকেট।

উল্লেখ্য যে এজবাষ্টনত অনুষ্ঠিত প্ৰথমখন টেষ্টত অধিনায়ক কোহলিয়ে শতকীয় ইনিংছ খেলা সত্বেও ৩১ ৰাণত পৰাস্ত হৈছিল ভাৰতীয় দলটো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in