শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

আধুনিক শ্বাহজাহানঃ পত্নীক উপহাৰ দিলে তাজমহল !

ডিজিটেল ডেস্কঃ তাজমহল, প্ৰেমৰ এক অনন্যা নিদৰ্শন। বিশ্বৰ অগণন লোকৰ আগমণ ঘটে তাজমহলৈ। সকলোৱে এবাৰ নিজ চকুৰে কাষৰ পৰা চাবলৈ বিচাৰে প্ৰেমৰ এই স্মৃতিসৌধ। আগ্ৰাত নিৰ্মাণ কৰা তাজমহল মোগল শাসক শ্বাহজাহানে তেওঁৰ বেগম মমতাজৰ বাবে নিৰ্মাণ কৰিছিল। বুৰহানপুৰৰ এটা প্ৰাসাদত চতুৰ্দশ প্ৰসৱৰ সময়ত মমতাজৰ মৃত্যু হৈছিল। বুৰহানপুৰৰ আহুখানাত মমতাজৰ নশ্বৰ দেহ ছয় মাহৰ বাবে সংৰক্ষণ কৰা হৈছিল। শ্বাহজাহানে প্ৰথমে বুৰহানপুৰৰ মাজেৰে যোৱা তাপ্তি নদীৰ পাৰত তাজমহল নিৰ্মাণ কৰিব বিচাৰিছিল, কিন্তু কিবা কাৰণত তেওঁ বুৰহানপুৰৰ সলনি আগ্ৰা স্থাপন কৰিছিল তাজহল।

মধ্যপ্ৰদেশত নিৰ্মিত তাজমহল সদৃশ ঘৰটোৰ নিশাৰ দৃশ্য…

এই তাজমহলক কেন্দ্ৰ কৰি অনেক কাহিনী, অনেক চৰ্চা। বহুতেই নিৰ্মাণ কৰিব বিচাৰে তাজমহলৰ দৰে স্মৃতিসৌধ। বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তাজমহলৰ দৰে গৃহও নিৰ্মাণ কৰিছে। এইবাৰ এনে এক ঘটনাই সংঘটিত হ’ল মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ এগৰাকী স্কুল অপাৰেটৰে নিৰ্মাণ কৰি উলিয়ালে তাজমহলৰ দৰেই এটা ঘৰ।

এয়া তাজমহল নহয়, তাজমহলৰ দৰে নিৰ্মিত সেই বিশেষ ঘৰতো….

আনন্দ প্ৰকাশ চোকছে নামৰ স্কুল অপাৰেটৰগৰাকীয়ে তেওঁৰ ঘৰটো তাজমহলৰ দৰে নিৰ্মাণ কৰিছে। ৩ বছৰ সময়লৈ নিৰ্মাণ কৰা এই তাজমহলৰ দৰে ঘৰটো তেওঁ নিজ পত্নী মঞ্জুছা চোকছেক উপহাৰ হিচাপে আগবঢ়াইছে। এই ঘৰটোত আছে ৪ টা শোৱা কোঠা। ইয়াৰে এটা ডাঙৰ হ’ল, ২টা শোৱা কোঠা তলত আৰু ২ টা শোৱা কোঠা ওপৰত আছে। ইয়াত আছে পাকঘৰ, পুথিভঁৰাল আৰু ধ্যান কোঠা।

আনন্দ প্ৰকাশে পত্নীক উপহাৰ দিয়া তাজমহল সদৃশ ঘৰটোৰ ভিতৰৰ দৃশ্য…

আনন্দ প্ৰকাশে তাজমহলৰ দৰে নিৰ্মাণ কৰি পত্নীক উপহাৰ দিয়া এই ঘৰটোৱে মধ্যপ্ৰদেশৰ ভাৰতীয় নিৰ্মাণ আলট্ৰাট্ৰেক আউট ষ্টেণ্ডিং ষ্ট্ৰাকচাৰৰ বঁটা লাভ কৰিছে। আনন্দ প্ৰকাশ চোকছে বৰ্ণনা কৰিছে যে বুৰহানপুৰত তাজমহল কিয় নিৰ্মাণ কৰিব পৰা নগ’ল সেই বিষয়ে বৰ্ণনা কৰিবলৈ তেওঁৰ যথেষ্ট কষ্ট হৈছিল, সেয়েহে তেওঁ তেওঁৰ পত্নীক শ্বাহজাহানৰ দৰে তাজমহল উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছিল। এই ঘৰটো নিৰ্মাণ কৰাত বহুতো অসুবিধা হৈছিল। তেওঁ কোৱা মতে নিজৰ অটল বিশ্বাসৰ ফলত তাজমহলসদৃশ ঘৰ এটা নিৰ্মাণ কৰাত সফলতা লাভ কৰিছে।

তাজমহলৰ দৰে সেই ঘৰটো….

আনন্দ প্ৰকাশে প্ৰথমে আগ্ৰালৈ গৈ তাজমহল পৰিদৰ্শন কৰি অভিযন্তাসকলক তেনেধৰণৰ এটা ঘৰ নিৰ্মাণ কৰিবলৈ কৈছিল। তাজমহল সদৃশ ঘৰটো নিৰ্মাণৰ আঁৰত থকা এগৰাকী অভিযন্তা প্ৰবীণ চোকছে এই বিষয়ত কৈছে যে,
তাজমহলৰ দৰে ঘৰ নিৰ্মাণ কৰা এটা কঠিন কাম আছিল। আনন্দ আৰু তেওঁৰ পত্নী তাজমহল চাবলৈ আগ্ৰালৈ গৈছিল। উভতি অহাৰ পিছত, তেওঁ অভিযন্তাসকলক তাজমহলৰ দৰে এটা ঘৰ নিৰ্মাণ কৰিবলৈ কৈছিল।

আধুনিক শ্বাহজাহান আনন্দ প্ৰকাশ পৰিয়ালৰ সৈতে। যিয়ে পত্নীক উপহাৰ দিছে তাজমহল সদৃশ এটা ঘৰ…

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি