ছেবাৰ কৃপা! ইংৰাজী কাকতত ‘কালি বিহু’, বিপাঙত ছাত্ৰ-ছাত্ৰী

ছেবাৰ কৃপা! ইংৰাজী কাকতত ‘কালি বিহু’, বিপাঙত ছাত্ৰ-ছাত্ৰী

ডিজিটেল ডেস্কঃ বিতৰ্কৰ যেন ওৰে নপৰিব ছেবাৰ। ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে সোমবাৰৰ পৰা। ৩,৫৮,৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল নহলেও আন এক বিসংগতিয়ে ছাত্ৰ-ছাত্ৰীক বৰকৈ বিপাঙত পেলালে।

অসমৰ বিহু তিনিটা। বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। কিন্তু আপুনি এই 'কালি বিহু'ৰ কথা কৰ'বাত শুনিছেনে? ছেবাৰ কৃপাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতত সৃষ্টি হ'ল এই নতুন বিহু। আচলতে, ২০২০ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ প্ৰথম দিনাৰ ইংৰাজীৰ প্ৰশ্ন কাকতত আহিছিল এক প্ৰশ্ন য'ত 'কালি বিহু' উপলক্ষ্যে বিদ্যালয়ত অৰ্ধ ছুটীৰ বাবে আবেদন লিখিবলৈ কোৱা হৈছিল।

এই প্ৰশ্নটো আছিল এনেধৰণৰ 'Suppose you are the General Secretary of the Student's Union of your school. Write an application to the Principal requesting him to grant a half holiday on the occasion of the Kali Bihu Festival'। নাম প্ৰকাশত অনিচ্ছ্যুক এগৰাকী মেধাৱী ছাত্ৰই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক কয়, মই প্ৰশ্নটোৰ বাকীখিনি বুজি পাইছিলো কিন্তু কালি বিহুটো বুজি নাপালো। মই ভাবিছিলো কালি পূজা আৰু বিহুৰ সংযোগ ঘটাই নমামী বা আন উৎসৱৰ দৰে কালি বিহু নামৰ নতুন উৎসৱ এটা হয়তো চৰকাৰে পাতিছে। সেয়ে মই লিখিবলৈ দিয়া আবেদনখনত 'কালি বিহু'ৰ বিষয়ে অৰ্ধছুটী বিচাৰি এখন আবেদন লিখি আহিলো।

কেৱল এয়ে নহয় প্ৰশ্নখনত আৰু কেবাটাও বৰ্ণশুদ্ধিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিভ্ৰান্তিত পেলালে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ছেবাৰ লৰা ধেমালি পুনৰ এইবাৰো প্ৰথম দিনাৰ প্ৰশ্ন কাকততে পোহৰলৈ আহিল। সংবাদমেল পাতি বৰ বৰ কথা কোৱা ছেবাই প্ৰশ্ন কাকত ফাদিল ৰোধ কৰাৰ বাবে নকল বা অন্যান্য দিশত ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিলেও ছাত্ৰ-ছাত্ৰীৰ বাবে মূলত এখন শুদ্ধ প্ৰশ্ন কাকতেই পৰীক্ষাৰ্থীৰ হাতত তুলি ধৰিব নোৱাৰা ছেবাই নাক লুকুৱাব ক'ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in